মৰাণ,26 মে’:ৰাজ্যতবৰ্তমানেও শাম কটা নাই ক’ভিড মহামাৰীৰ আতংকময় পৰিস্থিতি ৷ এইক্ষেত্ৰত সৰ্বাধিক আক্ৰান্তৰ হাৰেৰে শীৰ্ষস্থান দখল কৰিছে কামৰূপ(ম) জিলাই ৷ আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধি পোৱাত জিলাখনৰ কেইবাটাও স্থানক কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে স্বাস্থ্য বিভাগে ৷ আনহাতে, ৰাজ্যৰ ক’ভিড 19 ৰ সংক্ৰমণ হোৱা জিলাসমূহৰ ভিতৰত দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা ৷ ইতিমধ্যে চৰকাৰে কোৱাৰেণ্টাইনত থকা পৰিয়ালসমূহক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল যদিও অধিকাংশ অঞ্চলতে আজিও পৰ্যাপ্ত সামগ্ৰী যোগান ধৰিব পৰা নাই ৷
নামৰূপৰ ভিন্ন অঞ্চলত কোৱাৰেণ্টাইনত থকা লোকসকলৰ লগতে আৰ্তজনৰ সহায়ৰ বাবে মঙলবাৰে আগবাঢ়ি অহা দেখা যায় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক ৷ গগৈয়ে নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত নামৰূপ থাৰ্মেলৰ লাচিত বৰফুকন গাঁও, বিভিএফচিএল চেক্টৰ F, চেক্টৰ C, নিউ কলনী আৰু ১ নং দোৱণীয়া গাঁৱত কোৱাৰেন্টাইনত থকা লোকসকলৰ লগতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷