অসম

assam

ETV Bharat / state

যাদৱ চন্দ্ৰ বৰালৈ ৰাষ্ট্ৰপতিৰ বীৰ সাহসিকতা বঁটা - ডিব্ৰুগড় মৰাণ আৰক্ষী থানা

জম্মু-কাশ্মীৰ‌ পুলৱামা জিলাত কৰ্মৰত 183 চিআৰপিএফৰ 880977743 বাহিনীৰ সহকাৰী উপ-পৰিদৰ্শক যাদৱ চন্দ্ৰ বৰাক ৰাষ্ট্ৰপতিৰ বীৰ সাহসিকতা বঁটা প্ৰদান ৷

যাদৱ চন্দ্ৰ বৰালৈ ৰাষ্ট্ৰপতিৰ বীৰ সাহসীকতা বঁটা
যাদৱ চন্দ্ৰ বৰালৈ ৰাষ্ট্ৰপতিৰ বীৰ সাহসীকতা বঁটা

By

Published : Jan 28, 2020, 1:54 PM IST

Updated : Jan 28, 2020, 2:35 PM IST

মৰাণ, 28 জানুৱাৰীঃ ৰাষ্ট্ৰপতি বীৰ সাহসিকতা বঁটাৰে মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিলে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ) ৰ সহকাৰী উপ-পৰিদৰ্শক যাদৱ চন্দ্ৰ বৰাই | দেশৰ হকে সীমান্তত শত্ৰুৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজি বীৰত্ব প্ৰদৰ্শন কৰি দেশ মাতৃক শত্ৰুৰ কৱলৰ পৰা ৰক্ষা কৰা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 76 জন জোৱানলৈ প্ৰদান কৰা হয় ৰাষ্ট্ৰপতিৰ বীৰ সাহসিকতা বঁটা |

ৰাষ্ট্ৰপতিৰ বীৰ সাহসীকতা বঁটা

ইয়াৰ মাজতে আছে ডিব্ৰুগড় মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত 1 নং মৰাণ মিৰিহোলা নিবাসী তথা জম্মু-কাশ্মীৰ‌ পুলৱামা জিলাত কৰ্মৰত 183 চি আৰ পি এফৰ 880977743 বাহিনী সহকাৰী উপ-পৰিদৰ্শক যাদৱ চন্দ্ৰ বৰা

যাদৱ চন্দ্ৰ বৰা

অহা 9 এপ্ৰিলত নতুন দিল্লীত প্ৰদান কৰা হ’ব এই বঁটা | 2018 চনৰ 30 এপ্ৰিল তাৰিখে জম্মু-কাশ্মীৰ পুলৱামাত পি এম জি উগ্ৰপন্থীৰ সৈতে হোৱা সংঘৰ্ষত এজন শীৰ্ষ উগ্ৰপন্থী হত্যা কৰাৰ কাৰণে যাদৱ চন্দ্ৰ বৰাক এই সাহসিকতাৰ বঁটাটো প্ৰদান কৰা হয়।

ৰাষ্ট্ৰপতিৰ বীৰ সাহসীকতা বঁটা

এই খবৰৰ পাচতেই মৰাণৰ লগতে বীৰজনাৰ জন্মস্থান কোটোহা বালিগাঁও ভগামূৰত আনন্দৰ জোৱাৰ উঠিছে | বীৰগৰাকীয়ে 32 বছৰ দেশমাতৃৰ সেৱাত নিজকে নিয়োগ কৰিবলৈ পায় গৌৰৱ অনুভৱ কৰা বুলি উল্লেখ কৰি নৱ প্ৰজন্মক দেশ সেৱা কৰিবলৈ আগবাঢ়ি যাবলৈ অনুৰোধ জনায় ৷ দুটি সন্তানৰ মাতৃ তথা বীৰগৰাকীৰ পত্নী ৰেখা বৰাই স্বামীক ৰাষ্ট্ৰপতি বঁটাৰে সন্মানিত কৰাত অতি আনন্দ প্ৰকাশ কৰিছে ।

যাদৱ চন্দ্ৰ বৰাক ৰাষ্ট্ৰপতিৰ বীৰ সাহসীকতা বঁটা প্ৰদান

লগতে চাওক- 106 জনলৈ বৃদ্ধি কৰ’ণা ভাইৰাছত মৃত্যু হোৱাৰ সংখ্যা

Last Updated : Jan 28, 2020, 2:35 PM IST

ABOUT THE AUTHOR

...view details