মৰাণ, 25 ডিচেম্বৰ : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনখনিক লৈ ৰাইজৰ মাজত ব্যাপক উছাহ উদ্দীপনা পৰিলক্ষিত হৈছে ৷ অধিৱেশন উপলক্ষে স্থানীয় দাৱনীয়ে ধান আৰু নৰা কাটি অধিৱেশনস্থলী সাজু কৰি তোলাৰ পাছত এতিয়া দিনে-নিশাই গৃহ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলিছে(Preparation of Sankardev Sangha annual conference) ৷
মূল সভাগৃহক বাদ দি প্ৰতিনিধি শিবিৰ, অতিথিশালা, প্ৰায় দহহাজাৰ ৰাইজে সমজুৱাভাৱে খাব পৰাকৈ ভোজনালয় আদি নিৰ্মাণত ব্যস্ত হৈ পৰিছে নাহৰকটীয়াৰ ৰাইজ ৷ মুঠৰ ওপৰত লাখে লাখে ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ যুদ্ধকালীন প্ৰস্তুতি চলিছে অধিৱেশনস্থলী নাহৰকটীয়া ৰাঙলী পথাৰত ৷