মৰাণ, ৬ এপ্ৰিল: ঢোলৰ-পেঁপাৰ শব্দই ৰজনজনাইছে ডিব্ৰুগড়ৰ মৰাণৰ আকাশ-বতাহ । ৰাজ্যৰ আন আন প্ৰান্তৰ বিহু দলবোৰৰ সমান্তৰালকৈ মৰাণৰ সমীপৰ বকতা পাৰিজাতৰ চ্যুকাফা হুঁচৰি দলেও আখৰাত ব্যস্ত হৈ পৰিছে । ৰঙালী বিহুৰ সময়ত বিভিন্ন স্থানত মঞ্চ বিহুৰ লগতে চোতাল বিহু পৰিৱেশনৰ বাবে প্ৰস্তুতি চলাইছে চ্যুকাফা হুঁচৰি দলে ।
টাই ভাষাত বিহুগীত পৰিৱেশন কৰিব দলটোৱে । সেয়ে, বৰ গছৰ তলত ডেকা-গাভৰুসকলে আখৰা কৰিছে । ঢুলীয়াৰ ঢোলৰ ছেৱত কঁকাল ঘূৰাই নাচিছে নাচনীয়ে । টাই আহোমৰ ৰীতি-নীতি পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰঙালীক আদৰিবলৈ সাজু হৈছে বিহু দলটো ।