মৰাণত বিহুক আদৰাৰ ব্যাপক প্ৰস্ততি মৰাণ, 9 এপ্ৰিল: বাপতি সাহোন ৰঙালী বিহুটিক আদৰাৰ এতিয়া সীমাহীন ব্যস্ততা ৰাজ্যবাসীৰ ৷ ঢোল, পেঁপাৰ মাতত মুখৰিত হৈছে ৰাজ্যৰ আকাশ বতাহ । তাঁতশালত বাঢ়িছে শিপিনীৰ ব্যস্ততা ৷ ঢেঁকীৰ শব্দত মুখৰিত হৈছে গাঁওসমূহ ৷ ৰঙালীৰ ৰঙত ৰঙীয়াল হৈ উঠিছে প্ৰতিজন অসমীয়া (Rangali bihu celebration) ।
পদূলি মুখত হেঁপাঁহৰ ৰঙালী বিহুটি ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি । ব্যতিক্ৰম নহয় উজনি অসমৰ অন্যতম নগৰ মৰাণ । বৃহত্তৰ মৰাণ অঞ্চলৰ বিভিন্ন গাঁৱত এতিয়া প্ৰস্ততি চলিছে ৰঙালীক আদৰাৰ ৷ ঢোল-পেঁপা-গগণাৰ মাতত ৰজনজনাই উঠিছে মৰাণৰ প্ৰত্যেক খন গাঁও ৷ একপ্ৰকাৰৰ উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে গাঁও সমূহত (Preparation for Rangali Bihu in Moran) ৷
বিহু অহাৰ উমান দি মৰাণৰ গ্ৰামাঞ্চলত ফুলিছে কপৌ, নাহৰ, কেতেকী ৷ বাৰী কাষৰ আম জোপাই মলিয়াছে, কঁঠাল জোপায়ো মুচি পেলাইছে (Preparation for Bihu In Moran) ।
ইফালে গাঁৱৰ জীয়াৰী-বোৱাৰী সকলো এতিয়া ব্যস্ত হৈ পৰিছে তাঁতশালত বিহুৱান, ৰুমাল আদি বোৱাত ৷ আনন্দ মনেৰে তাঁতশালত ব্যস্ত হৈ পৰা দুই এগৰাকী জীয়াৰী-বোৱাৰীৰ মুখত বিহু নামৰ কলিও শুনিবলৈ পোৱা গৈছে (Rangali bihu celebration)।
সমান্তৰালকৈ ঢেঁকীত চিৰা-পিঠা খুন্দাত ব্যস্ত হৈ পৰিছে গ্ৰাম্যঞ্চলৰ বহু মহিলা । এক কথাত ক'বলৈ গ'লে ঢেঁকীৰ শব্দই এতিয়া অন্য এক মাদকতা সৃষ্টি কৰিছে গাঁও সমূহত ৷ ৰঙালী বিহুলৈ মাত্ৰ দুটামান দিন বাকী থকা অৱস্থাত যোৱা দিন কেইটাত দিয়া বৰষুণে প্ৰকৃতি জীপাল কৰি তোলাত গছ-গছনি সমূহত কুঁহিপাত মেলিবলৈ ধৰিছে ৷
অন্যহাতে ৰঙালী বিহু উপলক্ষে মৰাণ অঞ্চলৰ ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু আখৰা আৰু বিহু কৰ্মশালা ৷ বিহু সন্মিলন সমূহত অংশগ্ৰহণ কৰাৰ লগতে অসমীয়াৰ কৃষ্টি-সংস্কৃতি নতুন প্ৰজন্মক শুদ্ধভাৱে শিকোৱাৰ উদ্দেশ্যেৰে এই কৰ্মশালা সমূহত কণ কণ ল'ৰা-ছোৱালীৰ পৰা যুৱক-যুৱতীলৈকে বহুতকে প্ৰদান কৰা হৈছে প্ৰশিক্ষণ ৷ কৰ্মশালা সমুহতপ্ৰদান কৰা হৈছে বিহু নাচ, হুঁচৰি, ঢোল বাদন আদিৰ প্ৰশিক্ষণ (Bihu Preparation In Moran) ৷ এনেদৰেই এতিয়া ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰাণতো চেনেহৰ ৰঙালী বিহুটিক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ।
লগতে পঢ়ক:Rangali Bihu 2023: বিহুৰ সৈতে জড়়িত প্ৰতিবিধ লোকবাদ্য গঢ়ি তুলিছে মাকুমৰ প্ৰফুল্ল খাউণ্ডে