মৰাণ, 7 এপ্ৰিল :ব'হাগ মানেই কপৌফুল, ব'হাগ মানেই দুহাতত জেতুকাৰ বোল । প্ৰাণ চঞ্চলা প্ৰকৃতিয়ে ন-সাজেৰে দিছেহি এতিয়া ব’হাগৰ বতৰা । ঢোল–পেঁপাৰ শব্দত ৰজন জনাইছে ৰাজ্যৰ প্ৰতিটো চুক-কোণ ৷ বাৰী কাষৰ আম জোপাও মলিয়াব ধৰিছে ৷ গছৰ ডালত পৰি কুলি, কেতেকীয়েও দিছে ব’হাগৰ বতৰা ৷
আনকি কপৌ, নাহৰ, তগৰ, খৰিকাজাঁইৰ সুবাসত চৌদিশ হৈছে আমোলমোল । প্ৰকৃতিয়েও দিছে অসমীয়াৰ আয়ুস ৰেখা হেঁপাহৰ ব’হাগৰ আগজাননী । ব’হাগত আপোনজনক এখনি বিহুৱান দিবলৈ তাঁতশালত ব্যস্ত হৈ পৰিছে গাঁৱৰ জীয়ৰী-বোৱাৰীসকল (Assam weavers busy with making Gamocha) ।
তাঁতশালৰ পৰা মূৰ তুলিবলৈ যেন এতিয়া আহৰি নাই গাঁৱৰ একাংশ জীয়ৰী-বোৱৰীৰ ৷ সকলো ব্যস্ত এতিয়া ৰঙালীক আদৰাৰ ৷ ব্যতিক্ৰম নহয় উজনি অসমৰ ডিব্ৰুগড় (Preparation for Rangali Bihu in Dibrugarh)। বৃহত্তৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন গাঁৱত এতিয়া ঢোলৰ গোম-গোমনি শব্দৰে মুখৰিত হৈ পৰিছে ।