মৰাণ, 20 অক্টোবৰ: দেশজুৰি অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ ৷ তাৰ মাজতে এটা দিনৰ পাচতেই আৰম্ভ হ'ব শাৰদীয় দুৰ্গোৎসৱ ৷ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি ৰাইজে যো-জা চলাইছে দুৰ্গোৎসৱ পালনৰ বাবে ৷ ব্যতিক্ৰম নহ'ল মৰাণবাসীও ৷ মৰাণত পূজা সমিতিসমূহ এতিয়া ব্যস্ত পূজাৰ মণ্ডপসমূহ সজাই-পৰাই তোলাত ৷
মৰাণত শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি - শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি
কৰ'ণাৰ সংক্ৰমণৰ মাজতে মৰাণত চলিছে শাৰদীয় দুৰ্গোৎসৱ পালনৰ প্ৰস্তুতি ৷ সম্পূৰ্ণ COVID প্ৰট'কল মানি যো-জা চলোৱা হৈছে দুৰ্গা পূজা পালনৰ ৷
মৰাণৰ ঐতিহাসিক পূজা মণ্ডপ শিৱ মন্দিৰ পূজা মণ্ডপ পৰিচালনাৰ দায়িত্বত থকা মৰাণৰ সমাজকৰ্মী অকণ ভূঞাই জানিবলৈ দিয়া মতে, এইবাৰ মহামাৰীৰ পয়োভৰৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰা হ'ব দুৰ্গা পূজা ৷ সম্পূৰ্ণ COVID প্ৰট'কল মানি পূজা মণ্ডপ পৰিচালনা সমিতিৰ লোকে আয়োজন কৰিছে পূজা ভাগৰ ৷ মৰাণ চহৰৰ ওপৰিও মৰাণৰ দাঁতি কাষৰীয়া চাহ বাগিছা সমূহতো আনুষ্ঠানিকতা ৰক্ষা কৰি কেৱল নিয়মমাফিকভাৱে দুৰ্গা পূজা উদযাপন কৰা হ'ব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:বৰপেটাত বৈদ্যুতিক যন্ত্ৰৰ সহায়ত মাটিৰ পাত্ৰ নিৰ্মাণ