অসম

assam

ETV Bharat / state

আধুনিকতাৰ ধামখুমীয়াত ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰাৰ নান্দনিক দৃশ্য - মেজি ঘৰ

Bhogali bihu 2024 : ৰাজ্যজুৰি ভোগালী বিহুৰ প্ৰস্তুতি তুংগত ৷ ইয়াৰ মাজতে ৰহমৰীয়া বৰতিচুক কৈৱৰ্ত গাঁৱৰ ৰাইজে জাতীয় সাজ পৰিধান কৰি সমবেত হৈ পৰম্পৰাগত ৰীতি অনুসৰি মেজি সাজিবলৈ কান্ধত খৰি ভাৰ কৰি দীঘলীয়া শাৰীৰে ভেলাঘৰলৈ নিয়াৰ এক নান্দনিক দৃশ্য দেখিবলৈ পোৱা গৈছে । আধুনিকতাৰ ধামখুমীয়াত এই দৃশ্য যেন এতিয়া তেনেই বিৰল ৷

Bhogali bihu 2024
আধুনিকতাৰ ধামখুমীয়াত ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰাৰ নান্দনিক দৃশ্য

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 1:08 PM IST

আধুনিকতাৰ ধামখুমীয়াত ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰাৰ নান্দনিক দৃশ্য

মৰাণ, 8 জানুৱাৰী :হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন। আঘোণৰ সোণালী ধানৰ থোক ভঁৰালত সোমোৱাৰ পিচতে ভোগৰ ভোগালীক আদৰাৰ বাবে সাজু হৈছে প্ৰতিজন অসমীয়া । ভোগালীক আদৰিবলৈ প্ৰস্তুতি তুংগত । ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন ৰূপত ভেলাঘৰ নিৰ্মাণ কৰাৰ অঘোষিত প্ৰতিযোগিতা চলি থকাৰ সময়ত ৰহমৰীয়াত ভোগালীৰ বিহুৰ পৰম্পৰা ৰক্ষা কৰাৰ এক নান্দনিক দৃশ্য পৰিলক্ষিত হৈছে ।

মাঘ বিহুৰ ঐতিহাসিক পৰম্পৰা আজিও জীয়াই ৰাখিছে লাহোৱাল সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়া বৰতিচুক কৈৱৰ্ত গাঁৱৰ ৰাইজে । জাতীয় সাজ পৰিধান কৰি নৈপৰীয়া বৰতিচুক গাঁৱৰ ৰাইজে সমবেত হৈ পৰম্পৰাগত ৰীতি অনুসৰি মেজি সাজিবলৈ কান্ধত খৰি ভাৰ কৰি দীঘলীয়া শাৰীৰে ভেলাঘৰলৈ নিয়াৰ এক নান্দনিক দৃশ্য দেখিবলৈ পোৱা গৈছে । কান্ধত খৰি ভাৰ কৰি নিয়াৰ মাজতেই দুই এক উকি মৰাৰ লগতে কোনোৱে জুৰিছে বিহুনাম ।

বৰতিচুক গাঁওবাসীয়ে ভেলাঘৰ সজা স্থানত শৃংখলাবদ্ধভাবে খৰিসমূহ ৰাখি আনন্দ উল্লাসৰ কৰা দৃশ্য আজিৰ সমাজত বিৰল । যিটো অসমৰ ভিতৰতে একক আৰু অনন্য।

পূৰ্ব পুৰুষৰ দিনৰ পৰাই গাঁওখনৰ ৰাইজে পৰম্পৰা ৰক্ষা কৰি মেজিৰ বাবে এইদৰে খৰি গোটোৱা পৰ্ব পালন কৰি আহিছে । এইদৰে বৰতিচুক গাঁৱৰ শ শ ৰাইজে একেলগে সমূহীয়াকৈ ভোগালী উৎসৱ পালন কৰি অন্য এক বৰ্তমানৰ সংকোচিত সমাজত নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ৰংঘৰ, কাৰেং ঘৰৰ লগতে বিভিন্ন আৰ্হিৰে ভেলাঘৰ সজাৰ পয়োভয়ৰ মাজেতে এই সকল চহা ৰাইজৰ পৌৰাণিক দৃশ্যই আপোনাৰ মোৰ মন আন্দোলিত কৰি তুলিব। আচলতে আধুনিক সভ্যতাৰ মাজতো নিজৰ পৰম্পৰা ধৰি ৰাখিবলৈ সক্ষম হৈছে ৰহমৰীয়া বৰতিচুকৰ ৰাইজে।

লগতে পঢ়ক:কাৰ্বি যুৱ মহোৎসৱৰ 95 শতাংশ কাম সম্পন্ন, উপস্থিত থাকি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

ABOUT THE AUTHOR

...view details