ডিব্ৰুগড়, 28 অক্টোবৰ : টিংখাঙৰ ৰাজগড়ত সদৌ অসম ভিত্তিত ভাওনা সমাৰোহৰ প্ৰস্তুতি ৷ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত ৰাজগড়ৰ টিপমীয়া মজলীয়া বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত তৃতীয় বাৰ্ষিক ভাওনা সমাৰোহ ৷ 29, 30, 31 অক্টোবৰ আৰু 1, 2 নবেম্বৰত অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত তৃতীয় বাৰ্ষিক ভাওনা সমাৰোহ ৷
ভাওনা সমাৰোহৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে ৷ ভাওনা সমাৰোহখনিৰ বাবে মূল তোৰণৰ লগতে বৃহৎ আকাৰৰ মণ্ডপ নিৰ্মাণ কৰি থকা হৈছে ৷ আনহাতে ভাওনা সমাৰোহলৈ অহা অসমৰ বিভিন্ন প্ৰান্তৰ ভাওনা দল তথা অতিথি ভক্তপ্ৰাণ ৰাইজক আপ্যায়নৰ বাবে ব্যস্ত হৈ পৰিছে স্থানীয় মহিলা সকল ৷ সকলো সমবেত হৈ পকা মিঠৈ বনোৱাত ব্যস্ত হৈ পৰিছে ৷
সমাৰোহৰ পাঁচটা দিনৰ বাবে প্ৰায় 50 হাজাৰ মিঠৈ প্ৰস্তুত কৰাৰ পৰিকল্পনা লৈছে মহিলা সকলে ৷ ইতিমধ্যে প্ৰায় 15 হাজাৰ মিঠৈ প্ৰস্তুত কৰি উলিয়াইছে স্থানীয় মহিলা সকলে ৷ আনহাতে সমাৰোহখনিত প্ৰায় 1,000 মহিলা সমবেত হৈ দিহানাম পৰিবেশন কৰিব ৷ যাৰ বাবে এতিয়া পূৰ্ণগতিত চলিছে দিহানামৰ আখৰা ৷ মুঠতে ভাওনা সমাৰোহক কেন্দ্ৰ কৰি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে সমাৰোহস্থলীত ৷