অসম

assam

বিধায়কৰ কথা মানি বিপাঙত ডিব্ৰুগড়বাসী

By

Published : Nov 7, 2020, 8:13 PM IST

চৰকাৰ আহিল চৰকাৰ গ’ল ৷ সলনি নহ’ল জনপ্ৰতিনিধিৰ নমুনা ৷ বিজেপি চৰকাৰৰ দিনত সুলভ হ’ল এটকীয়া চাউলৰ বিনিময়ত পিয়াঁজ ! এই কথা প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ৷ বিধায়কগৰাকীয়ে আৰু কি কি ক’লে চাওক আমাৰ প্ৰতিবেদনত ৷

prasanta phukan reaction on onion issue dibrugarh assam etv bharat new
পিয়াঁজৰ মূল্যবৃদ্ধি

ডিব্ৰুগড়,7 নৱেম্বৰ:অসম্ভৱকো সম্ভৱ কৰিব পৰা কথা একমাত্ৰ সম্ভৱ এইখন অসমত ৷ এয়া আমি কোৱা কথা নহয়, এই ভাষ্য বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনৰ ৷ সময়ে সময়ে অদ্ভূত মন্তব্য প্ৰকাশ কৰি হাস্যৰসৰ সৃষ্টি কৰা ডিব্ৰুগড়ৰ বিধায়কগৰাকীয়ে এইবাৰ মাত মাতিছে মূল্যবৃদ্ধিৰ প্ৰসংগত ৷ একাংশই কব খোজে জনপ্ৰতিনিধি গৰাকীৰ এয়া সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ অন্যতম কৌশল ৷ পিছে এইবাৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ গৈ মুখথেকেচা খালে বিধায়ক গৰাকীয়ে ৷ দীৰ্ঘদিনে মূল্যবৃদ্ধিৰ প্ৰসংগত নীৰৱে থকা প্ৰশান্ত ফুকনে প্ৰকাশ কৰিলে অকাট্য যুক্তি ৷ সেয়া হৈছে, চৰকাৰৰ এটকীয়া চাউলৰ বিনিময়ত লাভ কৰিব পাৰি পিয়াঁজ ৷

বিধায়কগৰাকীৰ এনে মন্তব্যৰ পিছতে শনিবাৰৰ দিনটোত ডিব্ৰুগড়ত দেখা গ’ল বিশেষ দৃশ্য ৷ ডিব্ৰুগড়বাসীয়ে বিধায়কৰ কথা অনুসৰি দিনৰ দিনটো ঘূৰি ফুৰিলে দোকানে-দোকানে ৷ উদ্দেশ্যে এটাই এটকীয়া চাউল দোকানীক দি পিয়াঁজ অনা ৷ পিছে দোকানীয়ে ৰাইজৰ এনে কৰ্মকাণ্ডত হায়ৰাণ হৈ কটাক্ষ কৰিলে বিধায়কগৰাকীক ৷ কিন্তু সমগ্ৰ চহৰখনৰ ক’তো পোৱা নগ’ল এনেধৰণৰ বিনিময় প্ৰথাৰ পিয়াঁজ ৷

বিধায়কৰ কথা মানি বিপাঙত ডিব্ৰুগড়বাসী

ATTENTION বিধায়ক ডাঙৰীয়া ! এনে ধৰণৰ ভিত্তিহীন মন্তব্য প্ৰকাশ কৰি তৰল নকৰিব বিধায়কৰ আসনখন ৷ কিয়নো আপোনাৰ যোগ্যতাক বিশ্বাস কৰিয়েই ৰাইজে বিধায়ক পদটিৰ বাবে নিৰ্বাচিত কৰিছিল আপোনাক ৷ উপায়বিহীন ৰাইজে এতিয়া চিন্তা কৰিছে খোদ বিধায়কগৰাকীকে চাউল দি আনিব পিয়াঁজ ৷ দেখা যাওক,পৰৱৰ্তী সময়ত কি কয় বিজেপিৰ বিধায়কগৰাকীয়ে ৷ সেয়া এৰিছো বিধায়কগৰাকীৰ হাততে ৷

লগতে চাওকঃবিপদ আহিছে অপৰাধী ৰাজনীতিকৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে নিৰ্দেশ

ABOUT THE AUTHOR

...view details