মৰাণ, ৬ আগষ্ট : অসমৰ ৰাইজৰ দাবী, আহ্বানৰ অন্তত শুকুৰবাৰে এক আবেগিক পৰিবেশৰ মাজত ৪৭ দিনৰ মূৰত ঘৰ পালেহি ৰাষ্ট্ৰীয় খেলুৱৈ প্ৰণীতা চুতীয়া (National player Pranita Chutia reached home after 47 days) । সামাজিক মাধ্যমত আলফা স্বাধীনক মুকলি সমৰ্থন কৰি ৪৭ টাকৈ দিন কাৰাৰুদ্ধ হৈ থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ তথা মৰাণ ৰাইদঙীয়া গাঁৱৰ ২৩ বছৰীয়া যুৱতী প্ৰণীতা চুতীয়া (মাইনা) শুকুৰবাৰে শিৱসাগৰ জে'লৰ পৰা মুকলি হয় (Pranita Chutia arrested for open support to ULFA) ।
ডেৰমাহৰ পূৰ্বে সংবাদ মাধ্যমত প্ৰচাৰিত এক বাতৰিত সামাজিক মাধ্যম অৰ্থাৎ ফেচবুকৰ কমেণ্টত প্ৰণীতা চুতীয়াই (মাইনা) আলফাৰ সমৰ্থনত মন্তব্য দিছিল (Pranita Chutia facebook comments support to ULFA) । তাৰ ভিত্তিত চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ এটা দলে মৰাণহাট আৰক্ষী থানাত case no- 36/22, u/s- 120 (B)/121/121A IPC, R/W- Sec- 10/13/18 (B) UA(P) Act & R/W- Sec- 67 of IT Act 2000 গোচৰ ৰুজু কৰি শিৱসাগৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে । তাতেই তেওঁ ডেৰ মাহে বন্দিত্বৰ জীৱন কটাবলগা হয় ।
আবেগিক পৰিবেশৰ মাজত ৪৭ দিনৰ মূৰত ঘৰ পালেহি ৰাষ্টীয় খেলুৱৈ প্ৰণীতা চুতীয়া অহা ৭ আগষ্টৰ পৰা গুৱাহাটীত হ'বলগা জিলাভিত্তিক ছিনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ আগমুহূৰ্তত প্ৰণীতাক মুকলি কৰি দিয়া হয় । আনহাতে, প্ৰণীতাই মুক্তিলা কৰিয়েই ধন্যবাদ জনায় সংবাদ মাধ্যমক । "অতি বলিষ্ঠ পদক্ষেপেৰে মোৰ হৈ বাতৰি পৰিৱেশন কৰা সাংবাদিকসকলৰ বাবেই হয়তো আজি মই মুক্তি পাইছোঁ" বুলি মন্তব্য কৰে প্ৰণীতাই ।
প্ৰণীতাই কয়, "মই যদি জানিলোঁহেঁতেন তেন্তে এনে কমেণ্ট কেতিয়াও নিলিখোঁ । মই আজি অনুতপ্ত । যদি ভুল কৰিছিলোঁ ক্ষমা কৰি দিব । আগলৈ এনে ভুল নকৰোঁ ।" তেওঁ লগতে কয় যে তেওঁৰ আলফাৰ সৈতে কোনো সংযোগ নাই । এয়া তেওঁৰ এটা আবেগিক পোষ্ট । ইফালে কাৰাগাৰত থকা সময়ছোৱাত থকা-মেলাত অসুবিধা পোৱা নাছিল যদিও খোৱা-বোৱাত কিছু কষ্ট পোৱা বুলি জানিবলৈ দিয়ে তেওঁ । প্ৰণীতা চুতীয়া মুক্ত হৈ অহাৰ পিছতে মৰাণত বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে তেওঁক গামোচা পিন্ধাই উষ্ম আদৰণি জনায় আৰু প্ৰণীতাৰ ঘৰখনতো উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।
লগতে পঢ়ক :ULFA declared bandh on August 15: ১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা আলফাৰ