ডিব্ৰুগড়,12 মে’: "লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ গদ্য শৈলীৰ সৈতে সমানে ফেৰ মাৰিব পৰা বা সম পৰ্যায়ৰ এক গদ্য শৈলীৰ অধিকাৰী আছিল হোমেন বৰগোহাঞিদেৱ । গতিকে বেজবৰুৱাৰ পাছতেই গদ্য শৈলীৰ ফালৰ পৰা আমি বৰগোহাঞিদেৱক স্থান দিব পাৰো''- অসমীয়া সমাজ জীৱনৰ মহীৰূহ হোমেন বৰগোহাঞিৰ মৃত্যুত এইদৰে শোক প্ৰকাশ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ তাছাই ।
তেখেতৰ কবিতা অসমীয়া সাহিত্যৰ মণি-মুকুতা স্বৰূপ, তেখেতৰ গদ্য অতুলনীয়, অনুকৰণীয়, অনুপম বুলি মন্তব্য কৰি তাছাই কয় যে, তেওঁৰ বিয়োগ কেৱল মাত্ৰ সাহিত্য অথবা সংবাদ জগতৰ বাবেই নহয় অসমীয়া জাতীয় জীৱনৰ বাবেও অপূৰণীয় ক্ষতি ।তেখেতৰ স্থান পূৰণ কৰাতো বহু দিনলৈ সম্ভৱপৰ নহ'ব ।