ডিব্ৰুগড়,7মে:কংগ্ৰেছ এতিয়া নেতৃত্ব বিহীন এটা দলত পৰিণত হৈছে । মহা জোটবন্ধনৰ সভাপতি গৰাকীয়ে পৰাজয় বৰণ কৰিব লগা হ'ল । ইয়াৰ পৰা ইয়াকে প্ৰতিপন্ন হয় যে, কংগ্ৰেছত এতিয়া অৰিয়াঅৰিৰ ৰাজনীতিহে চলিছে । নিজে একো কৰিব নোৱাৰি বেলেগৰ ওপৰত দোষ জাপি দিয়ে কংগ্ৰেছে । কংগ্ৰেছ দলৰ আৰু ভবিষ্যত নাই । এই বিস্ফোৰক মন্তব্য খুদ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসম চৰকাৰৰ প্ৰাক্তন কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী পৃথ্বী মাঝিৰ পুত্ৰ তথা ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদীপ মাঝিৰ । এতিয়া মাঝি পুত্ৰৰ মুখত বৰষিছে বিজেপি প্ৰশংসাৰ ফুল ।
কংগ্ৰেছ দলৰ আৰু ভৱিষ্যত নাই: পৃথ্বী মাঝিৰ পুত্ৰ প্ৰদীপ মাঝি - ডিব্ৰুগড় জিলা কংগ্ৰেছ
নিজে একো কৰিব নোৱাৰি বেলেগৰ ওপৰত দোষ জাপি দিয়ে কংগ্ৰেছে । কংগ্ৰেছ দলৰ আৰু ভবিষ্যত নাই । এই বিস্ফোৰক মন্তব্য খুদ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসম চৰকাৰৰ প্ৰাক্তন কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী পৃথ্বী মাঝিৰ পুত্ৰ তথা ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদীপ মাঝিৰ ।
একপ্ৰকাৰ মাঝি পুত্ৰৰ এই মন্তব্যই তেওৰ বিজেপি যাত্ৰাৰ আওপকীয়া ইংগিত বহন কৰাহে দেখা যায় । প্ৰদীপ মাঝিৰ মন্তব্য যুৱ প্ৰজন্ম নতুন দলৰ প্ৰতি আকৃষ্ট হৈছে । বিজেপিৰ উন্নয়নৰ কাম দেখি আকৃষ্ট হৈছে । ময়ো নিজৰ ভবিষ্যতক লৈ ভাবিম আৰু মই নিজেও কংগ্ৰেছ দলত নাথাকো বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । উল্লেখ্য যে, লাহোৱাল ব্লক কংগ্ৰেছে জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝিৰ পুত্ৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদীপ মাঝিক কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰা বুলি শেহতীয়াকৈ ওলোৱা এক খবৰৰ প্ৰসংগত প্ৰশ্ন কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদীপ মাঝিয়ে । ইফালে ডিগবৈৰ পৰা আনি লহোৱালত প্ৰক্ষেপ কৰা মনোজ ধানোৱাৰৰ প্ৰাৰ্থীত্ব প্ৰদানৰ সিদ্ধান্তকো তীব্ৰ সমালোচনা কৰে প্ৰদীপ মাঝিয়ে ।
লগতে পঢ়ক: খিলঞ্জীয়াৰ মাজত ভেটি উচন হ'ল নেকি কংগ্ৰেছৰ !