অসম

assam

ETV Bharat / state

শক্তি বিভাগক শক্তিশালী কৰিবলৈ বিমল বৰাই বিচাৰিলে ৰাইজৰ সহায় - POWER DEPARTMENT

শক্তি বিভাগক আগুৱাই নিবৰ বাবে আৰু ৰাজ্যৰ প্ৰতিটো প্ৰান্তত সূলভ বিজুলী যোগান ধৰিবৰ বাবে ৰাইজৰ সহায়ৰ প্ৰয়োজন । কাৰণ এই বিভাগটোৱে ৰাইজক সেৱা আগবঢ়াই আহিছে । এই মন্তব্য ৰাজ্যৰ শক্তি মন্ত্ৰী (POWER MINISTER) বিমল বৰাৰ ৷

শক্তি বিভাগ শক্তিশালী কৰিবলৈ ৰাইজৰ সহায় লাগে মন্ত্ৰী বিমল বৰাক
শক্তি বিভাগ শক্তিশালী কৰিবলৈ ৰাইজৰ সহায় লাগে মন্ত্ৰী বিমল বৰাক

By

Published : Jul 18, 2021, 6:35 PM IST

মৰাণ, 18 জুলাই : ৰাজ‍্যত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (HIMANTA BISWA SARMA) নেতৃত্বত নতুন চৰকাৰে কাৰ্য‍ভাৰ গ্ৰহণ কৰাৰ পৰাই কেইবাটাও বিভাগ সক্ৰিয় হৈ পৰা দেখা গৈছে । সেইক্ষেত্ৰত পিছপৰি ৰোৱা নাই অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL)। ৰাজ‍্যৰ শক্তিমন্ত্ৰী বিমল বৰাৰ (BIMAL BORAH) প্ৰত্যক্ষ‍ সহযোগত এতিয়া অবৈধভাৱে বিদ‍্যুৎ সংযোগ কৰি অহা গ্ৰাহকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে এপিডিচিএলে (APDCL) ।

এই শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱা কাৰ্য‍ এতিয়া এচাম অসৎ বিদ‍্যুৎ গ্ৰাহকৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে । বিগত সময়চোৱাত নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰা বিভাগটোৱে মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত ইতিমধ‍্যে বিদ‍্যুৎ চুৰিত সিদ্ধহস্ত বৃহৎ ব‍্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সাধাৰণ গ্ৰাহকলৈকে মূৰৰ কামোৰণি হৈ উঠা দেখা গৈছে । ইতিমধ্যে মন্ত্ৰীজনে বিভাগটো সংস্কাৰৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছে ।

শক্তি বিভাগ শক্তিশালী কৰিবলৈ ৰাইজৰ সহায় লাগে মন্ত্ৰী বিমল বৰাক

শক্তি বিভাগ (POWER DEPARTMENT) শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহায়ৰ আহ্বান জনাইছে শক্তি মন্ত্ৰী বিমল বৰাই । মন্ত্ৰীগৰাকীয়ে কয় যে, শক্তি বিভাগক আগুৱাই নিবৰ বাবে আৰু ৰাজ্যৰ প্ৰতিটো প্ৰান্তত সূলভ বিজুলী যোগান ধৰিবৰ বাবে ৰাইজৰ পৰা সহায়ৰ প্ৰয়োজন । কাৰণ এই বিভাগটোৱে ৰাইজক সেৱা আগবঢ়াই আহিছে ।

উল্লেখযোগ্য যে, ২৪ ঘন্টাই বিজুলী পাবলৈ হ'লে ৰাইজে সময়মতে বিজুলীৰ বিল দিব লাগিব ৷ তদুপৰি বিদ্যুৎ চুৰি আমি বন্ধ কৰিব লাগিব বুলিও দোহাৰে মন্ত্ৰী বিমল বৰাই । শনিবাৰে চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে এক অনুষ্ঠানত অংশ ল'বলৈ আহি এইদৰে ৰাইজলৈ আহ্বান জনাই শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাই ।

লগতে পঢ়কঃ ৰঙিয়াৰ ডিমুত নিশা আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details