অসম

assam

ETV Bharat / state

Dibrugarh Airport: ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অঘটন, অৱতৰণ নহ’ল দুখন ইণ্ডিগ’ বিমান - Diverts Two Indigo Flights in Dibrugarh Airport

ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত বৃহস্পতিবাৰে দুখনকৈ ইণ্ডিগ’ বিমান অৱতৰণত অসুবিধা ৷ দুইখন বিমান প্ৰায় 50 মিনিট ধৰি আকাশতে থাকিব লগা হয় ৷ ইয়াৰ পাছতে বিমান দুখন পুনৰ ঘূৰি যায় বৰঝাৰ বিমানবন্দৰলৈ ৷

Poor Visibility Diverts Two Indigo Flights
দুখনকৈ ইণ্ডিগ’ বিমান অৱতৰণত অসুবিধা

By

Published : Jul 27, 2023, 2:17 PM IST

ডিব্ৰুগড়, 27 জুলাই : ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত বৃহস্পতিবাৰে পুনৰ সংঘটিত হ’ল আন এক অঘটন ৷ বৃহস্পতিবাৰে বিমানবন্দৰটোত দুখনকৈ ইণ্ডিগ’ বিমান অৱতৰণত অসুবিধা ৷ মূষলধাৰ বৰষুণৰ ফলত লগতে আকাশত দেখা দিয়া ডাৱৰৰ প্ৰভাৱত দুখনকৈ বিমান অৱতৰণত অসুবিধাৰ সৃষ্টি হয় বিমানবন্দৰটোত ৷

জানিব পৰা মতে দিল্লী-ডিব্ৰুগড় 2031 নম্বৰৰ বিমানখন অৱতৰণত অসুবিধা সৃষ্টি হোৱাৰ লগতে গুৱাহাটী-ডিব্ৰুগড় 2652 নম্বৰৰ বিমানখনৰো অৱতৰণত অসুবিধাৰ সৃষ্টি হয় ৷ দুইখন বিমান প্ৰায় 50 মিনিট ধৰি ডিব্ৰুগড়ৰ আকাশতে উৰি থাকিব লগা হয় ৷ ইয়াৰ পাছতে বিমান দুখন পুনৰ ঘূৰি যায় বৰঝাৰ বিমানবন্দৰলৈ ৷

লগতে পঢ়ক :Assam Youth Died in Gujrat: টিংখাঙৰ স্ব-গৃহলৈ অনা হ’ল কৰ্মৰত অৱস্থাত গুজৰাটত মৃত্যু ঘটা যুৱকৰ নশ্বৰ দেহ

দুয়োখন বিমানত 180 গৰাকীতকৈ অধিক যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷ Instrumental Landing System বন্ধ কৰি ৰখাৰ বাবে আৰু বেয়া বতৰৰ বাবে দুয়োখন বিমানৰ অৱতৰণত অসুবিধাৰ সৃষ্টি হয় । উল্লেখযোগ্য যে, মাত্ৰ কেইদিনমান পূৰ্বে অনুৰূপ ঘটনাই সংঘটিত হৈছিল ডিব্ৰুগড়ৰ বিমান বন্দৰত ৷ দিল্লী-ডিব্ৰুগড় আৰু চেন্নাই-গুৱাহাটী-ডিব্ৰুগড় অভিমুখী বিমান দুখন মোহনবাৰী বিমানবন্দত অৱতৰণ কৰিব নোৱাৰি আকাশৰ পৰাই উভতি বৰঝাৰ বিমানবন্দৰলৈ যাব লগা হৈছিল ৷

উল্লেখযোগ্য যে, 4 জুন দেওবাৰে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী এখন ইণ্ডিগ’ বিমানত অনুৰূপ ঘটনা সংঘটিত হৈছিল ৷ যান্ত্ৰিক বিজুতি ঘটাৰ বাবে, উৰণৰ 10-12 মিনিটৰ পাচতেই পুনৰ বৰঝাৰতে আৱতৰণ কৰোৱা হৈছিল ইণ্ডিগ’ বিমানখন ৷ বিমানখনত আছিল সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন আৰু তেৰছ গোৱালা ৷

মূষলধাৰ বৰষুণ, আকাশত গোট খোৱা ডাৱৰৰ বাবে বিমানবন্দৰ সমূহত এনেধৰণৰ ঘটনা প্ৰায়েই সংঘটিত হোৱা দেখা যায় ৷

লগতে পঢ়ক :Murder in Guwahati: ফ্ৰেণ্ডছ পথত ৰহস্যজনকভাৱে উদ্ধাৰ মৃতদেহ; কাষত পৰি আছিল ৰডৰ টুকুৰা

ABOUT THE AUTHOR

...view details