অসম

assam

By

Published : Oct 14, 2020, 10:10 PM IST

ETV Bharat / state

11বিধায়কৰ দৃষ্টিয়ে যেন কাল হ‘ল খোৱাঙৰ পুৰণি ৰাষ্ট্ৰীয় ঘাইপথটোৰ বাবে

এটা বিধায়িনী দলে পৰিদৰ্শন কৰা এক বছৰ পাৰ হৈ যোৱাৰ পাছতো জৰাজীৰ্ণ অৱস্থাতে আছে খোৱাঙৰ পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ একেলগে 11 গৰাকীকৈ বিধায়কে পৰিদৰ্শন কৰিছিল খোৱাঙৰ পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ বিধায়ক চক্ৰ গগৈৰ ভূমিকাক চোকা সমালোচনা ৷

এবছৰে পৰিৱৰ্তন ন'হল 11 গৰাকী বিধায়কে একেলগে পৰিদৰ্শন কৰা এটা ৰাষ্ট্ৰীয় ঘাইপথ
এবছৰে পৰিৱৰ্তন ন'হল 11 গৰাকী বিধায়কে একেলগে পৰিদৰ্শন কৰা এটা ৰাষ্ট্ৰীয় ঘাইপথ

মৰাণ, 14 অক্টোবৰ: আজিও মেৰামতি হৈ নুঠিল এক বছৰ আগতে 11 গৰাকীকৈ বিধায়কে একেলগে পৰিদৰ্শন কৰা কৰা খোৱাঙৰ পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ পোন্ধৰ বছৰে যাতায়তৰ বাবে সুচল হৈ নুঠা পথটোক এবছৰ আগতে আকৌ বিধায়িনী দলে মেৰামতিৰ বাবে ব্যৱস্থা গ্ৰহনৰ উদ্দেশ্যে পৰিদৰ্শন কৰি যোৱাৰ পাছতো পুনৰ একেই অৱস্থা দেখি ক্ষোভত ফাটি পৰিছে স্থানীয় ৰাইজ ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে 2019 বৰ্ষৰ 24 চেপ্তেম্বৰ তাৰিখে খোৱাংঘাটৰ মাজমজিয়াত বিধায়ক টেৰছ গুৱালাৰ নেতৃত্বত একেলগে 11 গৰাকীকৈ বিধায়কে পদধূলা পেলাইছিল । দলটোত আছিল ক্ৰমে বিধায়ক ক্ৰমে ভাস্কৰ শৰ্মা, ৰিতুপৰ্ণ বৰুৱা, আব্দুল কালাম আজাদ, মহেশ্বৰ বড়ো, ভূৱন পেগু, নৰেন সোনোৱাল, চক্ৰধৰ গগৈ, যোগেন মোহন, চৰণ বড়ো আৰু আমিনুল ইছলাম সহ মুঠ ১১ গৰাকীকৈ বিধায়ক । বিধায়ক সকলৰ পদক্ষেপত স্বাভাৱিকতেই উৎফুল্লিত হৈছিল বৃহত্তৰ খোৱাং বাসী ৰাইজ ৷ প্ৰত্যেক গৰাকী খোৱাং বাসী ৰাইজে আশা কৰিছিল যে দীৰ্ঘদিনীয়া এক সমস্যাৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব ৷ সময়ত পথটিৰ কিছু কিছু অংশত পকীকৰণ হয় যদিও খোৱাংঘাটৰ মাজমজিয়া আৰু খোৱাং মহাবিদ্যালয়ৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চেনিমাৰী লৈকে পকীকৰণৰ ব্যৱস্থা নহ'ল । সেয়ে বিধায়িনী দলটোৱে পথটো পৰিদৰ্শনৰ এটা বছৰ উকলি যোৱাৰ পাছতো পথটোৰ নিৰ্মান সম্পূৰ্ণ হৈ নুঠাত ৰাইজ ক্ষোভিত হৈ ৰাইজে বিধায়ক চক্ৰ গগৈৰ ভূমিকাক চোকা সমালোচনা কৰা পৰিলক্ষিত হৈছে ।

চেনিমাৰী অংশত বৃহৎ আকাৰৰ গাঁতৰ মাজেৰে ৰাইজৰ যাতায়ত

অভিযোগ অনুসৰি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ খোৱাং চাৰিআলিৰ পৰা আৰম্ভ কৰি চেনিমাৰীলৈকে প্ৰায় ৭ কিলোমিটাৰ দৈৰ্ঘৰ খোৱাঙৰ পুৰণা এটি ৰ'ডটো মেৰামতিৰ বাবে 2014 চনতে প্ৰায় 8.5 কোটি টকা আৱণ্টন দিয়া হৈছিল যদিও ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰীৰ হেমাহিত আজি পৰ্যন্ত পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল । এক বুজন পৰিমাণৰ ধন আৱণ্টন দিয়াৰ পিছতো কাম সম্পূৰ্ণ নোহোৱাত এই বিধায়িনী দলে পৰ্যবেক্ষণ কৰিবলৈ আহে । উক্ত দিনা পৰ্যবেক্ষণৰ অন্তত খোৱাং আৰক্ষী থানাৰ প্ৰেক্ষাগৃহত তেওঁলোক স্থানীয় ৰাইজৰ সৈতে মিলিত হৈছিল । বিধায়ক চক্ৰধৰ গগৈয়ে পথটি মেৰামতিৰ ক্ষেত্ৰত ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ অনিহাৰ বিষয়ে বিধায়নী দলটোক অৱগত কৰিছিল । আনহাতে বিধায়নী দলটোৰ সভাপতি টেৰচ গুৱালাই পথটি মেৰামতিৰ ক্ষেত্ৰত হোৱা অনিয়ম আৰু ঠিকাদাৰৰ মইমতালি সন্দৰ্ভত এক তদন্তৰ আশ্বাস প্ৰদান কৰাৰ লগতে দোষী সাব্যস্ত হোৱা ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰীৰ ওপৰত উপযুক্ত ব্যৱস্থা লোৱাৰ কথা কৈ ৰাইজক আশ্বাস দিছিল । কিন্তু সেই আশ্বাস আৰু পথ নিৰ্মাণ কোনোটোৱেই বাস্তৱ ৰূপত প্ৰতিফলিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

বৰ্তমান পথটিৰ চেনিমাৰী অংশত মাজে মাজে বৃহৎ আকাৰৰ গাঁতৰ মাজেৰেই ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে। মন কৰিবলগীয়া যে পথটো মেৰামতিৰ দাবীত খোৱাং আছুকে ধৰি সোণোৱাল কছাৰী ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা আৰু খোৱাং ব্যৱসায় উন্নয়ন সমিতিয়ে বহুবাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰাৰ উপৰিও বিভিন্ন প্ৰতিবাদমূলক কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈও পত্ৰ প্ৰেৰণ কৰিছিল যদিও সুফল পোৱা নগ'ল। বিধায়নী দলে পৰিদৰ্শন কৰি যোৱাৰ পাছতো কোনো সুফল নোপোৱাত সম্প্ৰতি ৰাইজ বিপাঙত পৰিছে । ইফালে বিধান সভা নিৰ্বাচন ওচৰ চাপি অহাৰ পৰিপ্ৰেক্ষিতত উন্নয়নৰ খাতিৰত ৰাইজৰ মাজত চৰ্চিত হৈছে আগন্তুক বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতাত নামিব লগীয়া দ'লৰ লগতে প্ৰাৰ্থীৰ নাম ।

লগতে পঢ়ক:মৰাণত নিৰ্মীয়মাণ নৰ্দমাৰ কামত ব্যাপক অনিয়মৰ অভিযোগ

ABOUT THE AUTHOR

...view details