মৰাণ, 19 আগষ্ট: অনুন্নত বাট-পথৰ বাবে আজিও জিয়াতু ভুগীবলগীয়া হৈছে ৰাজ্যৰ বহু অঞ্চলে ৷ এইখন অসমতে আছে বাট-পথ নথকাৰ বাবেই এম্বুলেঞ্চ পৰ্য্যন্ত যাব নোৱাৰা বহু অঞ্চল ৷ অনুন্নত বাট-পথৰ বাবেই সময়ে সময়ে ৰোগীৰ জীৱনৰ প্ৰতিও ভাবুকি অহা পৰিলক্ষিত হয় ৷
শেহতীয়াকৈ পোহৰলৈ আহিছে চৰকাৰৰ কৃপাদৃষ্টিৰ পৰা বঞ্চিত টিংখাঙৰ এটা পথ (Poor Road Conditions at Tingkhang)। উন্নয়নৰ ঢাক ঢোল বজোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত সুচল যাতায়ত ব্যৱস্থাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে টিংখাঙৰ জনতাই । আচলতে পথ নে পথাৰ ধৰিবকে নোৱাৰি । টিংখাং চাহ বাগিচাৰ পৰা দিৰৈচুক হৈ টিংখাং-নামৰূপ ঘাইপথ সংযোগী প্ৰায় ৪ কিঃমিঃ দৈৰ্ঘ্যৰ পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবে স্থানীয় ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷
এই জৰাজীৰ্ণ পথটোৱেদি ৩ নং টিপমীয়া, দিৰৈচুক আদি গাঁৱৰ বাসিন্দাসকলে নিতৌ অহা-যোৱা কৰে । পথটোত থকা কালভাৰ্টটোৱে এতিয়া জিয়াতু ভোগাইছে অঞ্চলবাসী ৰাইজক। প্ৰায় ৫ মাহ পূৰ্বে স্থাপন কৰা কালভাৰ্টটো এতিয়া এনেদৰেই জহি-খহি গৈছে । নদীৰ গৰা চপৰা চপৰে এৰিছে পথৰ কোনো কোনো অংশত ।