অসম

assam

ETV Bharat / state

পথ মেৰামতিকৰণৰ দাবীত নাহৰকটীয়া আছুৰ পথ অৱৰোধ

উল্লেখ্য যে সাংসদ ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক নৰেণ সোনোৱালেও পথটো মেৰামতিৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ। সেয়ে বুধবাৰে পুৱাৰে পৰা আছুৰ কেইবা শতাধিক সদস্যই নাহৰকটীয়াৰ চাউথ বেংক তিনিআলিত পথটো অৱৰোধ কৰি প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে যাৰ ফলত নাহৰকটীয়াৰ পৰা যাব লগীয়া দূৰণিবটীয়া সকলো যান বাহন আৱদ্ধ হৈ পৰে।

পথ মেৰামতিকৰণৰ দাবী

By

Published : Aug 7, 2019, 6:38 PM IST

নাহৰকটীয়া, 7 আগষ্টঃ বুধবাৰে নাহৰকটীয়াত পথ মেৰামতিকৰণৰ দাবীত আছুৱে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । নাহৰকটীয়া আৰু ডিব্ৰুগড়,তিনিচুকীয়া,দুলীয়াজান সংযোগী এই মূল পথটো নিমাৰ্ণৰ বাবে আছুৱে কেবাবাৰো বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছিল যদিও পথটো নিমাৰ্ণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কতৃপক্ষই ৷ ফলত দীৰ্ঘদিন ধৰি জীয়াতু ভুগিব লগা হৈছে পথটোৱেদি আহ যাহ কৰা সৰ্বসাধাৰণ ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে ।

পথ মেৰামতিকৰণৰ দাবী

উল্লেখ্য যে সাংসদ ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক নৰেণ সোনোৱালেও পথটো মেৰামতিৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ। সেয়ে বুধবাৰে পুৱাৰে পৰা আছুৰ কেবাশতাধিক সদস্যই নাহৰকটীয়াৰ চাউথ বেংক তিনিআলিত পথটো অৱৰোধ কৰি প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে যাৰ ফলত নাহৰকটীয়াৰ পৰা যাব লগীয়া দূৰণিবটীয়া সকলো যান বাহন আৱদ্ধ হৈ পৰে। আনহাতে ঘটনাস্থলীত গড়কপ্তানী বিভাগৰ বিষয়া উপস্থিত হৈ ৭ দিনৰ ভিতৰত পথটো মেৰামতি কৰাৰ লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে পথটো মুকলি কৰি দিয়ে।

ABOUT THE AUTHOR

...view details