মৰাণ, 9 নৱেম্বৰ :ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ কোটোহা গাঁও পঞ্চায়তৰ অধীনৰ কোটোহাৰৰ পৰা ভগামূৰলৈ 4.959 কিলোমিটাৰ প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনা আঁচনিত 589,11,497.00 টকা ব্যয়সাপেক্ষে নিৰ্মীয়মান পথটোৰ নিৰ্মাণ কাৰ্য লেহেমীয়া গতিৰে হোৱাত যমৰ যন্ত্ৰণা ভুগিছে কোটোহা,বালিগাঁও আৰু ভগামূৰবাসী ৰাইজে ।
অসম চৰকাৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনৰ ৰাষ্ট্ৰীয় গ্ৰাম্য পথ উন্নয়ন মন্ত্ৰালয়ৰ পুঁজিৰে আবন্টিত বৰবৰুৱা উন্নয়ন খণ্ডৰ কোটোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত কোটোহা ভগামূৰ পথটোৰ কিছু কাম কৰিয়ে কৰ'ণা আতংকৰ দুহাই দি ঠিকাদাৰে কাম সামৰিলে । কিন্তু কৰ'ণা পৰিস্থিতি কিছু সাম কটাৰ পিচতো পথটোৰ কাম সম্পূৰ্ণ নকৰাৰ অভিযোগ ৰাইজৰ ৷
লগতে পঢ়ক :হনুমান মন্দিৰৰ অতিথিশালা উদ্বোধন কৰিলে ৰণজিৎ দাস আৰু ভুৱনেশ্বৰ কলিতাই