অসম

assam

By

Published : Jun 10, 2022, 7:27 PM IST

ETV Bharat / state

ধোঁৱা চাঙত চৰকাৰী শিক্ষানুষ্ঠানৰ শৈক্ষিক ব্যৱস্থা: ডিব্ৰুগড়ত 69 গৰাকীৰ ভিতৰত উত্তীৰ্ণ কেৱল এগৰাকী শিক্ষাৰ্থী

ঘূণে ধৰিছে ৰাজ্যৰ একাংশ চৰকাৰী বিদ্যালয়ত ৷ ডিব্ৰুগড়ৰৰ এখন চৰকাৰী শিক্ষানুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে (HSLC Exam Result 2022) চকু কঁপালত তুলিছে ৰাইজৰ ৷ ডিব্ৰুগড়ৰৰ চাউলখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 69 গৰাকীৰ ভিতৰত উত্তীৰ্ণ হৈছে কেৱল 1 গৰাকী শিক্ষাৰ্থী (Poor Results in HSLC exam 2022 in Dibrugarh) ৷ চাউলখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ে দেখুওৱা অনুন্নত ফলাফলক লৈ ক্ষোভ প্ৰকাশ কৰিছে সচেতন ৰাইজে ৷

Poor Results in HSLC exam 2022 in Dibrugarh
ধোঁৱা চাঙত চৰকাৰী শিক্ষানুষ্ঠানৰ শৈক্ষিক ব্যৱস্থা

মৰাণ, 10 জুন : ৰাজ্যৰ একাংশ চৰকাৰী শিক্ষানুষ্ঠানৰ পয়া-লগা অৱস্থা । সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত (HSLC Exam Result 2022) একাংশ চৰকাৰী শিক্ষানুষ্ঠানৰ ফলাফলে চকু কঁপালত তুলিছে সৰ্বসাধাৰণৰ ৷ ইয়াক লৈ এতিয়া বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন সমাজত ।

অভিযোগ অনুসৰি, ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি সৱলীকৰণত চৰকাৰে গুৰুত্ব দি অহাৰ পিছতো দিনক দিনে বেয়াৰ ফাললৈ গতি কৰিছে চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ অৱস্থা । এনে পৰিস্থিতিত ডিব্ৰুগড়ৰ এখন চৰকাৰী বিদ্যালয়ৰ অনুন্নত ফলাফল প্ৰদৰ্শনক লৈ আচম্বিত কৰি তুলিছে শৈক্ষিক মহলক ।

ডিব্ৰুগড়ত 69 গৰাকীৰ ভিতৰত উত্তীৰ্ণ কেৱল এগৰাকী শিক্ষাৰ্থী

বিদ্যালয়খন হৈছে ডিব্ৰুগড় চহৰৰ উপকন্ঠ চাউলখোৱা উচ্চ মাধ্যমিক বিদ্যালয় ৷

এই বিদ্যালয়খনে দেখুওৱা অনুন্নত ফলাফল প্ৰদৰ্শনৰ খবৰ বিয়পি পৰাৰ পিছত অভিভাৱকসকলৰ লগতে প্ৰাক্তন শিক্ষাৰ্থীসকল হৈ পৰিছে উত্তেজিত । তথ্য অনুসৰি, এইবাৰ এই বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 69 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । কিন্তু মাত্ৰ এজন পৰীক্ষাৰ্থীয়েহে উত্তীৰ্ণ হ'বলৈ সক্ষম হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত (Poor Results in HSLC exam 2022 in Dibrugarh)।

লগতে পঢ়ক :16গৰাকীকৈ শিক্ষকে উত্তীৰ্ণ কৰাব নোৱাৰিলে একমাত্ৰ শিক্ষাৰ্থীগৰাকীকো

উত্তীৰ্ণ পৰীক্ষাৰ্থীজনৰ নাম হৈছে অৱাশ্বিদ আলী ৷ অৱাশ্বিদ আলীয়ে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৷ দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা অৱাশ্বিদ আলীক লৈয়ে সন্তুষ্ট হৈ থাকিবলগীয়া হোৱা বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী দিপালী হাজৰিকাই এই সন্দৰ্ভত কয়, ক'ভিড পৰিস্থিতিৰ বাবে বেয়া হৈছে বিদ্যালয়খনৰ ফলাফল ।

ধোঁৱা চাঙত চৰকাৰী শিক্ষানুষ্ঠানৰ শৈক্ষিক ব্যৱস্থা

তদুপৰি ছাত্ৰ-ছাত্ৰীৰ অনুপাতে নাই শিক্ষক ৷ বিদ্যালয়খনত নৱম আৰু দশম শ্ৰেণীত প্ৰায় 101 গৰাকী ছাত্ৰ-ছাত্ৰী আছে । ইয়াৰ বিপৰীতে 7 গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে শিক্ষাদান কৰে বিদ্যালয়খনত । এইবুলি সংবাদ মাধ্যমৰ আগত এক প্ৰকাৰে গা এৰা মন্তব্য প্ৰদান কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে ৷

অৱশ্যে উপকন্ঠ চাউলখোৱা উচ্চ মাধ্যমিক বিদ্যালয়খন হৈছে এটা উদাহৰণহে মাত্ৰ ৷ ৰাজ্যৰ এনে বহু বিদ্যালয় আছে, যাৰ শৈক্ষিক অৱস্থা এই বিদ্যালয়খনতকৈয়ো শোচনীয় ৷ সেয়ে এনেধৰণৰ বিদ্যালয়ৰ শৈক্ষিক ব্যৱস্থা উন্নত কৰিবলৈ পৰৱৰ্তী সময়ত চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক :চৰকাৰী বিদ্যালয়ৰ হতাশজনক ফল: 57 গৰাকীৰ ভিতৰত উত্তীৰ্ণ 8 গৰাকী

ABOUT THE AUTHOR

...view details