অসম

assam

ETV Bharat / state

আঁচনিৰ সুবিধা নাই পোৱা : পঞ্চায়তলৈ গ’লে কেৱল জেৰক্স কপি বিচাৰে - Khowang Development Block

আঁচনিৰ অভাৱ নাই অসম চৰকাৰৰ ৷ কিন্তু কিমানে লাভ কৰিছে আঁচনিৰ সুবিধা ? খোৱাং উন্নয়ন খণ্ডৰ অন্তৰ্গত এটা ৱাৰ্ডৰ বাসিন্দাসকলৰ মন্তব্যই স্পষ্ট কৰিলে আঁচনিৰ নামত কি চলি আছে এই মুলুকত !

Khowang Development Block
সকলো আঁচনিৰ পৰা বঞ্চিত একাংশ লোক

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 10:58 PM IST

সকলো আঁচনিৰ পৰা বঞ্চিত একাংশ লোক

ডিব্ৰুগড়, 5 ডিচেম্বৰ :দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ দৰিদ্ৰ ৰাইজৰ বাবে অভিলাষী আঁচনি ঘোষণা কৰাৰ দৰে দেশৰ ভিতৰতে পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এখনৰ পাচত আন এখন অভিলাষী আঁচনি । যিবিলাক আঁচনি ৰূপায়ণ কৰি একপ্ৰকাৰ উন্নয়নৰ ৰঙীণ বিজ্ঞাপন প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ।

কিন্তু চৰকাৰে ৰূপায়ণ কৰা আঁচনিৰ সুবিধা পাইছেনে প্ৰকৃত হিতাধিকাৰীয়ে ? চৰকাৰে উন্নয়নৰ কথা কৈ থকা সময়ত ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ খোৱাং উন্নয়ন খণ্ডৰ অন্তৰ্গত বামুনবাৰী গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ শতাধিক লোক বঞ্চিত চৰকাৰৰ যিকোনো আঁচনিৰ পৰা । সব কা সাথ সব কা বিকাশ শ্ল’গানেৰে শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰখনে আচলতে সঁচাকৈ বিকাশ কৰিছেনে ? ইয়াৰ এক প্ৰকৃত ছবি দাঙি ধৰিছে বামুনবাৰী গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডে ।

ৱাৰ্ডটোৰ শতাধিক পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধা, বিশেষভাৱে সক্ষম লোক আজিও বঞ্চিত অৰুণোদয়, বৃদ্ধ পেঞ্চন, আৱাসগৃহ, বিধৱা পেঞ্চন, অনাময় আঁচনিৰ পৰা । পঞ্চায়তত আবেদন কৰিও আজিলৈকে কোনো আঁচনিয়ে ঢুকি নাপালে এই সকল দৰিদ্ৰ শ্ৰমিকসকলক । যাৰ বাবে এতিয়া সংবাদ মাধ্যমৰ আগত মুখ খুলিবলৈ বাধ্য হৈ পৰিছে আঁচনিৰ পৰা বঞ্চিত লোকসকল ।

ইয়াৰোপৰি ৰাইজে পঞ্চায়ত সভানেত্ৰী মামনি উজীৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে যে আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ ক'লেই গালি-গালাজ পাৰি খেদি পঠিয়াই পঞ্চায়তৰ পৰা । এতিয়া প্ৰশ্ন হয়, যদিহে সঁচাকৈ এইসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে দীৰ্ঘদিন ধৰি তেতিয়াহ'লে পঞ্চায়ত কৰ্তৃপক্ষই কাক প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনিৰ সুবিধা প্ৰদান কৰিছে ?

এইক্ষেত্ৰত খোৱাং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ ভূমিকাও ৰহস্যৰ আৱৰ্তত । প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি আন কোনসকলে আঁচনিৰ সুবিধা লাভ কৰিছে সেই বিষয়ে জিলা প্ৰশাসন আৰু খোৱাং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াই কেনেদৰে তদন্ত কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক :পুনৰ থলুৱা ঠিকাদাৰক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে

ABOUT THE AUTHOR

...view details