মৰাণ,৩০ মে':পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি প্ৰথম ৫ বছৰ অতিক্ৰম কৰা চৰকাৰে পুনৰ এবাৰ চৰকাৰ গঠন কৰিলে । কিন্তু চৰকাৰৰ কেইবাটাও বিভাগত নহ'ল কোনো ধৰণৰ পৰিৱৰ্তন ৷ বিশেষকৈ বিদ্যুৎ বিভাগৰ ক্ষেত্ৰত বহুকেইটা স্থানত পৰিলক্ষিত ন'হল কোনো ধৰণৰ পৰিৱৰ্তন ৷
খোৱাঙত বিদ্যুৎ বিভাগৰ চৰম গাফিলতি ডিব্ৰুগড় জিলাৰ খোৱাঙৰ বিভিন্ন স্থানত এতিয়াও জোৰা টাপলি মাৰিয়ে চলিছে বিভাগটো । বিদ্যুৎ বিভাগৰ বিষয়াক অভিযোগ দি ভাগৰি পৰিল খোৱাঙৰ টেপৰচালি বাম গাৰিহালি চুক চেতীয়া ব্লকৰ ৰাইজ । কিন্তু, ৰাইজৰ অভিযোগৰ প্ৰতি কোনো গুৰুত্ব নাই বিদ্যুৎ বিভাগ তথা জনপ্ৰতিনিধিৰ ।
দুশতকৈ অধিক পৰিয়াল থকা গাঁওখনত বিদ্যুৎ বিভাগে ভগ্ন বিদ্যুৎ খুঁটাত বাঁহ-কাঠ জোৰা দি বিদ্যুতৰ তাঁৰ ওলোমাই অতি বিপদজনকভাৱে বিদ্যুৎ যোগান ধৰি আহিছে । ইফালে সেই বৃহৎ অঞ্চলটোত মাত্ৰ এটাহে ট্ৰেঞ্চফৰ্মাৰ থকা বাবে নিশা ভল্টেজ নাথাকে গাঁওখনত । বছৰ বছৰ ধৰি এনেদৰে বিদ্যুৎ যোগান চলি থকা পাচতো বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰা বুলি অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷
গাঁওবাসীৰ মতে এনেদৰে বিদ্যুৎ থকা আৰু নথকা প্ৰায় একেই কথা । ইফালে বাঁহ-কাঠৰ খুঁটাত তাঁৰ ওলোমাই ৰখাত ভয়ংকৰ বিপদৰ আশংকা কৰিছে ৰাইজে । এই ক্ষেত্ৰত অতি শীঘ্ৰে স্থানীয় বিধায়ক চক্ৰধৰ গগৈৰ হস্তক্ষেপ বিচাৰিছে ৰাইজে । বিধায়কগৰাকীক বিষয়টোত হস্তক্ষেপ কৰি তেওঁলোকৰ সমস্যা সমাধানৰ আহ্বান জনাইছে গাঁওখনৰ ৰাইজে ।
লগতে পঢ়ক:এটি দুৰ্ভগীয়া পৰিয়ালক প্ৰয়োজন আপোনাৰ সহায়