অসম

assam

ETV Bharat / state

টিংখাঙৰ এখন বিদ্যালয়ে উদঙাইছে চৰকাৰী শিক্ষা খণ্ডৰ ফোপোলা স্বৰূপ - মাহমৰা - বৰপথাৰ পঞ্চায়ত

বাঁহৰ ভগাবেৰাৰ মাজতেই জীৱনৰ আদিপাঠ গ্ৰহণ টিংখাঙৰ থুলাই প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ ৷ সামান্য বতাহতে বিদ্যালয় গৃহ ভাঙি পৰাৰ আশংকা,আনফালে বৰষুণ আহিলেই বিদ্যালয় গৃহ এৰি পলাব লগীয়া হয়  শিক্ষক - শিক্ষাৰ্থী ৷

টিংখাঙৰ এখন বিদ্যালয়ে উদঙাইছে চৰকাৰী শিক্ষা খণ্ডৰ ফোপোলা স্বৰূপ

By

Published : Sep 17, 2019, 11:18 AM IST

টিংখাং,17 চেপ্তেম্বৰঃ ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডৰ উন্নয়নৰ নমুনা ৷ প্ৰাথমিক শিক্ষাৰ নামত প্ৰকৃততে কি চলিছে ৰাজ্যৰ শিক্ষা খণ্ডত ৷ 2017 চনত ৰাজ্য চৰকাৰে চৰকাৰী বিদ্যালয়ত গুণোৎসৱ পাতি শিক্ষা খণ্ডৰ ব্যাপক উন্নয়নৰ ঢাক ঢোল বজালেও আচলতে কোনো পৰিৱৰ্তন নাহিল ৰাজ্যৰ চৰকাৰী বিদ্যালয়লৈ ৷

টিংখাঙৰ এখন বিদ্যালয়ে উদঙাইছে চৰকাৰী শিক্ষা খণ্ডৰ ফোপোলা স্বৰূপ

টিংখাঙৰ মাহমৰা-বৰপথাৰ পঞ্চায়তৰ অন্তৰ্গত থুলাই প্ৰাথমিক বিদ্যালয়ে ১৯৮৫ চনত প্ৰতিষ্ঠা লাভ কৰিছিল আৰু ২০১৩ চনত বিদ্যালয়খন প্ৰাদেশীকৰণ হয় ৷ কিন্তু প্ৰাদেশীকৰণৰ সাত বছৰ পাৰ হোৱাৰ পাছতো বিদ্যালয়খনৰ আন্তঃ গাঁথনিৰ ক্ষেত্ৰত নাহিল কোনো পৰিৱৰ্তন ৷ পকী বিদ্যালয় গৃহৰ অভাৱত বাঁহৰ ভগাবেৰাৰ মাজতেই জীৱনৰ আদিপাঠ গ্ৰহণ কৰিব লগা হৈছে কণ কণ ছাত্ৰ ছাত্ৰীয়ে ৷ এফালে যদি এজাক সামান্য বতাহতে বিদ্যালয় গৃহটো ভাঙি পৰাৰ আশংকা আছে,আনফালে বৰষুণ আহিলেই বিদ্যালয় গৃহ এৰি পলাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয় শিক্ষক-শিক্ষাৰ্থীৰ মাজত ৷ উল্লেখযোগ্য যে,প্ৰায় 51 জন ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি থকা বিদ্যালয় খনৰ শিক্ষকদ্বয়ে গাঁওবাসীৰ সহযোগত নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিব লগীয়া হয় বিদ্যালয় গৃহ ৷

ৰাজ্যৰ বাজেটত প্ৰত্যেক বছৰে প্ৰাথমিক শিক্ষাৰ বাবে কোটি কোটি টকা ধাৰ্য কৰিলেও প্ৰকৃততে চৰকাৰী আঁচনিৰ যে কোনো কাৰ্যকৰীকৰণ হোৱা নাই এই কথা টিংখাঙৰ থুলাই প্ৰাথমিক বিদ্যালয়ে উদঙাই দিছে ৷

ABOUT THE AUTHOR

...view details