মৰাণ,25 ডিচেম্বৰ : ৰাজ্যত পৰিবৰ্তনৰ ৰঙীন বিজ্ঞাপনে সকলোকে আকৰ্ষিত কৰিছে । কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ মৰাণ সমষ্টিৰ ৰাইজে উন্নয়ন বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । বিধায়ক চক্ৰধৰ গগৈয়ে সামাজিক মাধ্যমত সমষ্টিৰ উন্নয়ন হোৱা বুলি প্ৰচাৰ কৰিলেও প্ৰকৃততে মৰাণত উন্নয়ন বৃহৎ শূন্য । কেৱল কমিচনৰ অংকত ব্যস্ত থকা বিধায়ক চক্ৰধৰ গগৈয়ে সমষ্টিৰ গ্ৰাম্য উন্নয়নয়ত অলপো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ সমষ্টিবাসীৰ । মৰাণ সমষ্টিৰ খোৱাং গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ মইনা গাঁৱৰ মূল পথটো আজিও জৰাজীৰ্ণ হৈ থাকিল ।
বিধায়ক চক্ৰধৰ গগৈয়ে বিধায়ক হোৱাৰ আগতে পথটোৰ উন্নয়নৰ বাবে কাম কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল যদিও বিধায়ক জনে ৫ বছৰে গাঁৱৰ ৰাইজৰ সমস্যাৰ বুজ ল'বলৈ সময়ে নাপালে । ৰাইজে বহু বাৰ বিধায়ক জনক মূল পথটো উন্নয়নৰ বাবে দাবী জনাইছিল যদিও ৰাইজৰ সমস্যাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদিলে ।