অসম

assam

ETV Bharat / state

একাঁঠু বোকা পথেৰে যাতায়ত খোৱাঙৰ চৰাইহাবি গাঁৱৰ ৰাইজৰ - খোৱাঙৰ চৰাইহাবি

তিনঠেঙীয়া গাঁও পঞ্চায়তৰ অধীনৰ খোৱাং ৩ নং চৰাইহাবি গাঁৱত কোনো পঞ্চায়ত প্ৰতিনিধি নতুবা বিধায়কে গাঁৱৰ মূল পথটো নিৰ্মাণ কৰি নিদিয়াত প্ৰতি বছৰে বাৰিষা অতি কষ্টেৰে গাঁওখনৰ ৰাইজে যাতায়ত কৰিবলগীয়া হয় ৷

Poor condition of road at Charaihabi gaon
একাঁঠু বোকা পথেৰে যাতায়ত কৰিছে খোৱাঙৰ চৰাইহাবি গাঁৱৰ ৰাইজে

By

Published : Jun 12, 2021, 5:39 PM IST

মৰাণ, 12 জুন :চৰকাৰে ৰঙীন বিজ্ঞাপনত ঘোষণা কৰা কোনো আঁচনিয়ে ঢুকি পোৱা নাই ডিব্ৰুগড় জিলাৰ তিনঠেঙীয়া গাঁও পঞ্চায়তৰ অধীনৰ খোৱাং ৩ নং চৰাইহাবি গাঁৱক । বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াত ইতিমধ্যে গাঁওখনৰ বহু পৰিয়ালৰ মাটি-ভেটিৰ লগতে এটা অংগনবাড়ী কেন্দ্ৰৰ উপৰিও শ শ বিঘা কৃষিভূমি জাহ গৈছে ।

একাঁঠু বোকা পথেৰে যাতায়ত কৰিছে খোৱাঙৰ চৰাইহাবি গাঁৱৰ ৰাইজে

সমস্যাই জুৰুলা কৰা গাঁওখনৰ ৰাইজৰ যাতায়াতৰ বাবে নাই কোনো সুচল পথ । একাঁঠু বোকা পথেৰে যাতায়ত কৰিছে খোৱাং ৩ নং চৰাইহাবি গাঁৱৰ ৰাইজে ৷ প্ৰায়‌ শতাধিক পৰিয়াল থকা গাঁওখনৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ব্যৱসায় বাণিজ্য কৰিবলৈ সকলোৱে বাৰিষা একাঁঠু বোকাময় পথেৰে যাবলগীয়া হয় ৷

গাঁওখনৰ ৰাইজে অভিযোগ কৰে যে, আজি পৰ্যন্ত কোনো পঞ্চায়ত প্ৰতিনিধি নতুবা বিধায়কে গাঁওখনৰ মূল পথটো নিৰ্মাণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে প্ৰতি বছৰে বাৰিষা গাওঁখনৰ ৰাইজে যথেষ্ট দুৰ্ভোগ ভোগ কৰিবলগীয়া হয় ৷ দীৰ্ঘদিনৰ পৰা এইসমূহ সমস্যাৰ ফলত দুৰ্ভোগ ভুগি অতিষ্ঠ হৈ পৰা গাঁওখনৰ ৰাইজে সেয়েহে স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাক পথটো নিৰ্মাণ কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক :ৰাজ্যত অব্যাহত কৰ'ণা সংক্ৰমণ: আজিৰে পৰা পুনৰ দিয়া হৈছে ক'ভেক্সিন

ABOUT THE AUTHOR

...view details