অসম

assam

ETV Bharat / state

উদ্বোধনৰ চাৰিদিন পাছতেই বিদ্যালয়ৰ দেৱালত মেলিলে ফাঁট: চাবুৱা চাহ বাগিছাত উত্তেজনা - Corruption charges against contractors

এমাহ দুমাহ নহয় উদ্বোধনৰ মাত্ৰ চাৰিদিন পাছতেই বিদ্যালয়ৰ দেৱালত ফাঁট মেলাকলৈ চাবুৱা চাহ বাগিছাত তীব্ৰ উত্তেজনা(Cracks in school walls soon after inauguration) । বুধবাৰে মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰিছিল চাবুৱা চাহ বাগিছাৰ আদৰ্শ বিদ্যালয়খন । চাৰিওফালে আসোঁৱাহ থকাৰ পাছতো বিদ্যালয়খন শুভাৰম্ভ কৰাত ক্ষোভ প্ৰকাশ কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাই ।

poor condition of new model school of chabua tea estat
উদ্বোধনৰ চাৰিদিন পাছতেই বিদ্যালয়ৰ দেৱালত মেলিলে ফাঁট: চাবুৱা চাহ বাগিছাত উত্তেজনা

By

Published : May 29, 2022, 5:02 PM IST

মৰাণ, ২৯ মে':চাবুৱাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ । কিয়নো উদ্বোধনৰ মাত্ৰ চাৰিদিন পাছতেই এখন বিদ্যালয়ৰ দেৱালত ফাঁট মেলা পৰিলক্ষিত হৈছে(Cracks in school walls soon after inauguration) । বুধবাৰে চাবুৱা চাহ বাগিছাত এক উখল মাখল পৰিৱেশৰ মাজেৰে শুভাৰম্ভ কৰা হৈছিল চাবুৱা চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় । মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰিছিল বিদ্যালয়খন ।

কিন্তু শুভাৰম্ভ কৰাৰ মাত্ৰ চাৰিদিন পাছতে এতিয়া বিদ্যালয়খনৰ যিফালেই চোৱা যায় সেইফালেই ফাঁট মেলা দেখা গৈছে । দুৱাৰ-খিৰিকীৰ কাষৰ চিমেণ্ট খহি পৰা পৰিলক্ষিত হৈছে । শ্ৰেণীকোঠাৰ ভিতৰত দেৱালসমূহৰে পৰিছে বৰষুণৰ পানী । ভিতৰে-বাহিৰে বিদ্যালয়ৰ দেৱালবোৰত ফাঁট মেলাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

একপ্ৰকাৰ চাৰিওফালে আসোঁৱাহযুক্ত এই চাবুৱা চাহ বাগিচা আদৰ্শ বিদ্যালয়কে ধুম ধামেৰে উদ্বোধন কৰি গ'ল মন্ত্ৰী অতুল বৰাই । যেন মন্ত্ৰীগৰাকীক আন্ধাৰত ৰাখি মুকলি কৰা হ'ল বিদ্যালয়খন ।

প্ৰকৃততে অঞ্চলটোত নতুনকৈ মুকলি হোৱা চাবুৱা চাহ বাগিছাৰ আদৰ্শ বিদ্যালয়খন পৰিদৰ্শন কৰাৰ বাবে উপস্থিত হয় অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ এটি সঁজাতি দল । দলটো উপস্থিত হৈ পৰিদৰ্শন কৰে বিদ্যালয়খন । তাৰ পাছতেই উন্মোচিত হয় মাত্ৰ কেইটামান দিনৰ পূৰ্বে মুকলি হোৱা চাবুৱা চাহ বাগিছা আদৰ্শ বিদ্যালয়ৰ গৃহটোৰ এই অৱস্থা ।

উদ্বোধনৰ চাৰিদিন পাছতেই বিদ্যালয়ৰ দেৱালত মেলিলে ফাঁট: চাবুৱা চাহ বাগিছাত উত্তেজনা

প্ৰায়ে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসকীয় দলৰে কৰ্মীৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতিৰ অভিযোগ(Corruption charges against contractors) । প্ৰায় এক কোটিৰো অধিক টকা ব্যয়েৰে চাবুৱা চাহ বাগিছা আদৰ্শ বিদ্যালয় নিৰ্মাণ কৰি উলিওৱাৰ নেতৃত্বত আছিল নিজকে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদৰ প্ৰতিনিধিৰূপে চিনাকি দিয়া BJP কৰ্মী জনৈক ৰাজখোৱা নামৰ এজন ঠিকাদাৰ ।

জানিব পৰামতে বিদ্যালয়খন নিৰ্মাণৰ দায়িত্বত প্ৰকৃততে জনৈক ভট্টাচাৰ্য নামৰ এজন ঠিকাদাৰ আছিল যদিও বিদ্যালয়খন নিৰ্মাণ হৈ শেষ হোৱা পৰ্যন্ত কিন্তু ঠিকাদাৰজনৰ ছাঁটোকে দেখা নাপালে অঞ্চলবাসীয়ে ।

গতিকে এতিয়া এই সমগ্ৰ ঘটনাৰ তদন্ত দাবী কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই । তথ্য সহকাৰে এই সমগ্ৰ কাণ্ড প্ৰত্যক্ষ কৰাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই এইজন দুৰ্নীতিপৰায়ণ ঠিকাদাৰ ৰাজখোৱাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক:ধুবুৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং সাৰ

ABOUT THE AUTHOR

...view details