মৰাণ,18 এপ্ৰিল : ডিব্ৰুগড় জিলাৰ মৰাণৰ অভয়পুৰত নিৰ্মাণ কৰা মৰাণ অভয়পুৰ গ্ৰাম্য ক্ৰীড়া ষ্টেডিয়ামখনৰ দুৰাৱস্থা ৷ আজিও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ’ল ষ্টেডিয়ামখনৰ ৷ 2012-13 বিত্তীয় বৰ্ষৰ অনুমোদন অনুসৰি 42 বিঘা মাটিত মুঠ 8 কোটি 88 লাখ 16 হাজাৰ টকাৰে ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷ 2014 চনত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰা এই ক্ৰীড়া ষ্টেডিয়ামখন আজিও অৰ্ধনিৰ্মিত অৱস্থাত থকাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰাণ ক্ৰীড়া সন্থাৰ লগতে মৰাণ অঞ্চলৰ সচেতন ব্যক্তিসকলে ।
অভিযোগ অনুসৰি, পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিজেপি চৰকাৰৰ বিধায়ক চক্ৰধৰ গগৈয়েও পৰৱৰ্তী সময়ত অৰ্ধনিৰ্মিত ক্ৰীড়া ষ্টেডিয়ামখন উন্নয়নৰ ক্ষেত্ৰত অলপো গুৰুত্ব নিদিলে । কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ষ্টেডিয়ামখন এতিয়া জংঘলে আৱৰি ৰাখিছে ।