অসম

assam

By

Published : Jun 13, 2021, 8:51 AM IST

ETV Bharat / state

যিকোনো মুহুৰ্তত বিপদ মাতিব পাৰে বুঢ়ীদিহিঙৰ মথাউৰিয়ে

ক্ৰমাৎ বাঢ়ি আহিছে বুঢ়ীদিহিং নদীৰ জলপৃষ্ঠ ৷ যাৰ ফলত এতিয়া ভয়-শংকাৰ মাজেৰে দিন অতিবাহিত কৰিছে খোৱাং আৰু নিতাইপুখুৰী সংযোগী ঐতিহাসিক বুঢ়ীদিহিং মথাউৰিৰ কাষৰীয়া অঞ্চলৰ ৰাইজে ৷ মথাউৰিটোৰ জৰাজীৰ্ণ ৰূপৰ বাবে এতিয়া ভয়ংকৰ বিপদৰ আশংকাত ভূগিছে অঞ্চলবাসী ৷

যিকোনো মুহুৰ্তত বিপদ মাতিব পাৰে বুঢ়ীদিহিঙৰ মথাউৰিয়ে
যিকোনো মুহুৰ্তত বিপদ মাতিব পাৰে বুঢ়ীদিহিঙৰ মথাউৰিয়ে

মৰাণ, 13 জুন : ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ সীমামুৰীয়া খোৱাং আৰু নিতাইপুখুৰী সংযোগী ঐতিহাসিক বুঢ়ীদিহিং মথাউৰিটো পুৰণি হৈ পৰাত শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ ক্ৰমাৎ বাঢ়ি আহিছে বুঢ়ীদিহিং নদীৰ পানী ৷ যাৰ ফলত উক্ত পুৰণি বুঢ়ীদিহিং মথাউৰিটো বহু বছৰ ধৰি পুনঃনিৰ্মাণ নকৰাৰ ফলত দুৰ্বল হৈ পৰিছে ।

যিকোনো মুহুৰ্তত বিপদ মাতিব পাৰে বুঢ়ীদিহিঙৰ মথাউৰিয়ে

উল্লেখ্য যে, মথাউৰিৰ কাষৰ ৰাইজে বহু বছৰ পৰাই মথাউৰিটো পুনৰ নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাই আহিছে যদিও আজিকোপতি ৰাইজৰ আহ্বানৰ প্ৰতি কৰ্তৃপক্ষই সঁহাৰি নজনোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে প্ৰতি বছৰ বাৰিষাত ঠায়ে ঠায়ে মথাউৰিটোৰ কিছু কিছু অংশ খহি যোৱা পৰিলক্ষিত হৈছে ।

সম্প্ৰতি উক্ত খোৱাং-নিতাইপুখুৰী বুঢ়ীদিহিং মথাউৰিটো অতি শীঘ্ৰে পুনৰ নিৰ্মাণ তথা মেৰামতি কৰিবলৈ জলসম্পদ বিভাগৰ মন্ত্ৰীক দাবী জনাইছে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই ।

লগতে পঢ়ক: আৰক্ষীক প্ৰহাৰ কৰি ৰঙা ঘৰত সোমাল বিএচএফ জোৱান

ABOUT THE AUTHOR

...view details