অসম

assam

ETV Bharat / state

ধ্বংসৰ গৰাহত ঐতিহাসিক নাহৰ পুখুৰী - খোৱাং

আহোম স্বৰ্গদেউসকলৰ দিনৰ ঐতিহাসিক নাহৰ পুখুৰী ধ্বংসৰ গৰাহত ৷ কোনো এখন চৰকাৰেই পুখুৰীটো সংৰক্ষণৰ ক্ষেত্ৰত ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

poor-condition-of-historical-nahar-pukhuri
ধ্বংসৰ গৰাহত ঐতিহাসিক নাহৰ পুখুৰী

By

Published : May 17, 2021, 8:52 AM IST

মৰাণ,17 মে’:ডিব্ৰুগড় জিলাৰ খোৱাঙৰ বেতনিত থকা এটি ঐতিহাসিক পুখুৰী ৷ আহোম স্বৰ্গদেউসকলৰ দিনৰ ঐতিহাসিক সমল এই নাহৰ পুখুৰীটো এতিয়া ধ্বংসৰ গৰাহত ৷ চৰকাৰ আহিছে আৰু গৈছে যদিও কোনো এখন চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই ধ্বংসৰ গৰাহত থকা এই ঐতিহাসিক পুখুৰীটো ৷ বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্বহীনতাৰ বাবে যেন কদৰ্য ৰূপ লৈছে এই পুখুৰীটো ৷

উল্লেখ্য যে, 1552 খ্ৰীষ্টাব্দত খোৰা ৰজাই তেওঁৰ পুত্ৰ নাহৰৰ নামত খোৱাঙৰ বেতনিত খন্দাইছিল এই পুখুৰীটো ৷ যাৰ ফলস্বৰূপে পুখুৰীটো ‘নাহৰ পুখুৰী’ হিচাপে জনা যায় ৷

ধ্বংসৰ গৰাহত ঐতিহাসিক নাহৰ পুখুৰী

কিন্তু সংৰক্ষণৰ অভাৱত যেন ধ্বংসৰ গৰাহলৈ গতি কৰিছে প্ৰায় 40 বিঘা মাটিত খন্দা এই পুখুৰীটো ৷ এই ঐতিহাসিক পুখুৰীটো ডিব্ৰুগড় জিলাৰ ভিতৰতে ডাঙৰ আৰু দ’ পুখুৰী যদিও আজি পৰ্যন্ত পুখুৰীটো সংৰক্ষণৰ ব্যৱস্থা নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷

কেৱল মাত্ৰ মাজে সময়ে ঠিকাদাৰক বৃহৎ ধনৰ পুঁজি মোকলাই দি পুখুৰীটো পৰিস্কাৰ কৰিবলৈ দিয়া হয় যদিও ঠিকাদাৰে বিষয়াৰ লগত মিলি কাম নকৰাকৈ ধন আত্মসাৎ কৰাক অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । পূৰ্বৰ কংগ্ৰেছ চৰকাৰেও ঐতিহাসিক পুখুৰীটো সংৰক্ষণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নকৰিলে ৷

সেয়েহে নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা নতুন চৰকাৰক ঐতিহাসিক পুখুৰীটো সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ডিব্ৰুগড়বাসীয়ে ৷

লগতে পঢ়ক :ক'ভিডৰ নতুন নিৰ্দেশনাক লৈ সষ্টম হোজাই প্ৰশাসন

ABOUT THE AUTHOR

...view details