অসম

assam

ETV Bharat / state

লেহেমীয়া গতিত চলিছে চাৰিলেণ্ডযুক্ত পথৰ কাম - National Highways Authority of India

চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কামত নিয়োজিত ঠিকা প্ৰতিষ্ঠানৰ মইমতালিৰ বাবে এতিয়া জনতাই হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ বৰবৰুৱাৰ পৰা ডিমৌলৈকে চাৰিলেণ্ড যুক্ত (Four-Laning of NH-37) পথৰ নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে শেষ কৰিবলৈ দাবী খোৱাং আঞ্চলিক আৰু ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ।

মৰাণত লেহেমীয়া গতিত চলিছে চাৰিলেণ্ড যুক্ত পথৰ কাম
মৰাণত লেহেমীয়া গতিত চলিছে চাৰিলেণ্ড যুক্ত পথৰ কাম

By

Published : Jul 13, 2021, 12:27 PM IST

মৰাণ, 13 জুলাই : কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাজ্যত নিৰ্মাণ হৈ থকা চাৰিলেণ্ডযুক্ত (Four-Laning of NH-37)পথৰ কাম ক্ষীপ্ৰতাৰে শেষ কৰাৰ কথা কৈ থকাৰ সময়ত মৰাণত কিন্তু লেহেমীয়া গতিত চলিছে চাৰিলেণ্ড যুক্তপথৰ কাম । বহুবছৰৰ পৰা নিৰ্মাণৰ কাম চলি থকা চাৰিলেণ্ড যুক্ত পথৰ কামৰ বাবে মৰাণৰ ডিমৌৰ পৰা বৰবৰুৱালৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (37 No National Highway)ৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে । ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত দ গাত সৃষ্টি হোৱাত যাতায়াতৰ ক্ষেত্ৰত জলা-কলা খাব লগা হৈছে ৰাইজে । ইফালে ৰাষ্ট্ৰীয় ঘাইপথ (37 No National Highway)ৰ কাষতে চাৰিলেণ্ডযুক্ত পথ (Four-Laning of NH-37) নিৰ্মাণ কৰা কোম্পানীয়ে দ গাত খান্দি থোৱাত ভয়ানক বিপদ হোৱাৰ সম্ভাৱনাই দেখা দিছে ।

মৰাণত লেহেমীয়া গতিত চলিছে চাৰিলেণ্ড যুক্ত পথৰ কাম

উল্লেখ্য যে, ঠিকা লাভ কৰা প্ৰতিষ্ঠানসমূহে নিজ ইচ্ছা অনুসৰি কাম কৰাৰ ফলতেই কাম লেহেমীয়া হোৱাৰ লগতে ৰাইজে জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথে (37 No National Highway)ৰে যাতায়াত কৰিবলগা হৈছে । প্ৰাৰম্ভিক অৱস্থাত ডিমৌৰ পৰা বৰবৰুৱালৈকে এই পথচোৱাত 'আটলাণ্টা' নামৰ এক প্ৰতিষ্ঠানে কাম কৰিছিল ৷ কিন্তু কামৰ মানদণ্ড উন্নত নোহোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰাধিকৰণে (National Highways Authority of India)উক্ত ঠিকা প্ৰতিষ্ঠানক কামৰ পৰা আঁতৰাই বৰ্তমান 'ব্ৰক্ষ ' নামৰ এক প্ৰতিষ্ঠানক কামৰ দায়িত্ব দিয়ে ৷

এই পথ নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে শেষ কৰিবলৈ দাবী জনাইছে খোৱাং আঞ্চলিক আৰু ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই । ৰাইজৰ সমস্যালৈ গুৰুত্ব নিদি মইমতালিৰে ঠিকা প্ৰতিষ্ঠানে কাম কৰিবলৈ চেষ্টা কৰিলে অনাগত সময়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে । উল্লেখ্য যে, চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কামত নিয়োজিত ঠিকা প্ৰতিষ্ঠানৰ মইমতালিৰ বাবে এতিয়া জনতাই হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

লগতে পঢ়ক :ভিডিঅ' ভাইৰেল কৰা যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details