মৰাণ, 9 অক্টোবৰ :আগফালে ডাং, পিছফালে ধোবাং-বাং ৷ এই আপ্তবাক্যশাৰী প্ৰতিফলিত হৈছে ৰাজ্য চৰকাৰৰ চৰকাৰী আঁচনি সমূহত ৷ ৰাজ্যৰ জনসাধাৰণৰ বাবে চৰকাৰে ইখনৰ পাচত সিখনকৈ চৰকাৰী আঁচনি মুকলি কৰিছে ৷ কিন্তু প্ৰকৃততে কিমান চৰকাৰী আঁচনি কাৰ্যকৰী হৈ আছে, সেয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত ৷ কি জলসিঞ্চন আঁচনি, কি চৰকাৰী আবাস গৃহ নিৰ্মাণ সকলোতে দুৰ্নীতি সংঘটিত হোৱাৰ এক অভিযোগ উত্থাপিত আহিছে ৷
এইবাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে থাওৰাৰ ডিমৌ চাহ জনজাতি কল্যাণ বিভাগৰ দক্ষতা বিকাশ কেন্দ্ৰত ৷ কিয়নো কোটি টকীয়া ডিমৌ চাহ জনজাতি কল্যাণ বিভাগৰ দক্ষতা বিকাশ কেন্দ্ৰটো বৰ্তমান ধ্বংসৰ গৰাহত পৰিছে ৷ এই কেন্দ্ৰটো পুনৰুজ্জিবিত কৰাৰ বাবে কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ তৰিছে অঞ্চলটোৰ ৰাইজে ৷
উল্লেখ্য যে, ৰাজ্যৰ প্ৰতিখন চৰকাৰে চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ লগতে যুৱক-যুৱতী সকলৰ শিক্ষা আৰু দক্ষতা বিকাশৰ বাবে ঘোষণা কৰে বহু অভিলাষী আঁচনি । আনকি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সততে চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতী সকলৰ দক্ষতা বিকাশৰ কথা কৈ থাকে ৷ কিন্তু প্ৰকৃততে চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ লগতে যুৱক-যুৱতী সকলৰ বাবে কিমান উন্নতি কৰিছে ৰাজ্য চৰকাৰে ? এই প্ৰশ্ন সাধাৰণ ৰাইজৰ ৷
লগতে পঢ়ক :ৰাজকন্যাৰ ঘটনাত নিজৰ নাম সাঙোৰ খোৱা সন্দৰ্ভত কি স্পষ্টীকৰণ দিলে ডিজিপিয়ে ?