অসম

assam

ETV Bharat / state

ধ্বংসৰ গৰাহত ঐতিহাসিক কীৰ্তিচিহ্নৰে ভৰপুৰ চৰাইদেউ দেওশাল - ঐতিহাসিক চৰাইদেউৰ দেওশাল

1253 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফাই স্থাপন কৰিছিল ঐতিহাসিক কীৰ্তিচিহ্নৰে ভৰপুৰ চৰাইদেউ ৰাজধানী ৷ চুকাফাই চৰাইদেউ পাহাৰ শিখৰত স্থাপন কৰিছিল এখন দেওশাল ৷ বৃটিছৰ শাসনৰ সময়ত দেওশালখনৰ বহু সম্পদ অন্য ঠাইলৈ স্থানান্তৰিত কৰা হৈছিল যদিও বৰ্তমানো পৰিত্যক্ত হৈ ৰৈছে এই ঐতিহাসিক দেওশালখন ৷ 2015 চনত চৰাইদেউক জিলা হিচাপে ঘোষণা কৰাৰ পাচতো দেওশালখন উদ্ধাৰৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পৰ্যটন বিভাগে ৷

ধ্বংসৰ গৰাহত ঐতিহাসিক কীৰ্তিচিহ্নৰে ভৰপুৰ চৰাইদেউ দেওশাল
ধ্বংসৰ গৰাহত ঐতিহাসিক কীৰ্তিচিহ্নৰে ভৰপুৰ চৰাইদেউ দেওশাল

By

Published : Apr 20, 2021, 2:36 PM IST

মৰাণ,20 এপ্ৰিল: স্বৰ্গদেউ চাওলুং চুকাফাই 1253 খ্ৰীষ্টাব্দত স্থাপন কৰিছিল ঐতিহাসিক কীৰ্তিচিহ্নৰে ভৰপুৰ চৰাইদেউ ৰাজধানী ৷ ৰাজধানীখন স্থাপনৰ সময়তে চুকাফাই চৰাইদেউ পাহাৰ শিখৰত স্থাপন কৰিছিল এখন দেওশাল ৷ বৃটিছৰ শাসনৰ সময়ত দেওশালখনৰ বহু সম্পদ অন্য ঠাইলৈ স্থানান্তৰিত কৰা হৈছিল যদিও বৰ্তমানো পৰিত্যক্ত হৈ ৰৈছে এই ঐতিহাসিক দেওশালখন ৷

ধ্বংসৰ গৰাহত ঐতিহাসিক কীৰ্তিচিহ্নৰে ভৰপুৰ চৰাইদেউ দেওশাল

বছৰৰ পাচত বছৰ ধৰি চৰকাৰী পক্ষৰ অৱহেলাৰ বলি হৈ ৰৈছে দেওশালখন ৷ 2015 চনত চৰাইদেউক জিলা হিচাপে ঘোষণা কৰাৰ পাচতো দেওশালখন উদ্ধাৰৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পৰ্যটন বিভাগে ৷ জনপ্ৰতিনিধি তথা চৰকাৰৰ অৱহেলাৰ বলি হোৱাত দেওশালখন উদ্ধাৰৰ বাবে আগবাঢ়ি আহিল অনুপ মহন আৰু উদয় ৰাজকোঁৱৰ নামৰ দুগৰাকী প্ৰকৃতিপ্ৰেমীয়ে ৷

আহোমৰ স্বাভিমান তথা বীৰত্বৰ জ্বলন্ত প্ৰতীক ঐতিহাসিক কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰজাঘৰীয়া আহোম প্ৰতিনিধিক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে প্ৰকৃতিপ্ৰেমী দুগৰাকীয়ে ৷ অবৈধ বেদখল আৰু উপযুক্ত সংৰক্ষণৰ অভাৱত ধ্বংসৰ মুখৰ গতি কৰা আহোমৰ শৌয্য-বিয্য সম্পদসমূহ সংৰক্ষণ কৰিবলৈ এতিয়া প্ৰয়োজন সুচিন্তিত পৰিকল্পনা আৰু প্ৰচেষ্টাৰ। অন্যথা ধ্বংসৰ গৰাহত চিৰদিনৰ বাবে বিলীন হৈ ৰ’ব আহোমৰ ৰাজত্বৰ ঐতিহাসিক কীৰ্তিচিহ্ন তথা অসমৰ পৰ্যটন ক্ষেত্ৰৰ এই আপুৰুগীয়া সম্পদসমূহ ৷

লগতে পঢ়ক:কাছাৰৰ ৪৬৩ নং ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে শান্তিপূৰ্ণ ভোটগ্ৰহণ

ABOUT THE AUTHOR

...view details