মৰাণ, 30 জুন :ৰাজ্য চৰকাৰে উন্নয়ন আৰু দুৰ্নীতি মুক্ত অসম গঢ়াৰ কথা কৈ থকা সময়তে থাওৰা বিধানসভা সমষ্টিৰ এখন দলঙে দৃষ্টি কাঢ়িছে সকলোৰে । নিৰ্বাচনৰ প্ৰাক্ মূহুৰ্তত ভোটাৰৰ মন জয় কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰিবৰ বাবে ততাতৈয়াকৈ উদ্ধোধন কৰা দলঙৰ এতিয়া শোচনীয় অৱস্থা । পাঁচ মাহতে যাতায়তৰ বাবে অনুপযোগী হ'ল দলংখন ।
চাৰি কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলংখন বাৰিষাৰ পানীয়ে উটুৱাই নিয়াৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ ৷ মৰাণ বিধানসভা সমষ্টিৰ গাতে লাগি থকা ১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ম’হখুঁটি ষ্টেচনৰ পৰা বকতা সংযোগী পথৰ দিৰৈ নদীৰ ওপৰত ব্ৰিটিছৰ দিনতে ১৮৮৯ চনত নিৰ্মাণ কৰা হৈছিল এখন কাঠৰ দলং ৷ উক্ত কাঠৰ দলংখনৰ কাষতে পঞ্চাশ মিটাৰ দৈৰ্ঘ্যৰ এখন নতুন ষ্টীলৰ দলং নিৰ্মাণ কৰিছিল বিগত চৰকাৰ খনে ।
অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা SOPD-G আঁচনিৰ অধীনত ৪ কোটি ২ লাখ ২২ হাজাৰ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল ষ্টীলৰ এই দলংখন ৷ নিৰ্বাচনৰ প্ৰাক্ মূহুৰ্তত ১০ জানুৱাৰী তাৰিখে থাওৰা সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক কুশল দুৱৰীয়ে উদ্ধোধন কৰি ৰাইজৰ বাবে মুকলি কৰি দিছিল ।