মৰাণ,26 জুলাই :সোণাৰি বিধানসভা সমষ্টি (Sonari Constituency)ৰ অন্তৰ্গত বালিজান গ্ৰাণ্ট অঞ্চলত পথৰ দুৰাৱস্থা ৷ সাংসদ তপন কুমাৰ গগৈ (Tapan Kumar Gogoi)ৰ গৃহ সমষ্টিৰ ৰাইজে উন্নয়ন বিচাৰি কৰিবলগীয়া হৈছে হাহাকাৰ । আজিও চৰকাৰী আঁচনিয়ে স্পৰ্শ কৰিব পৰা নাই সোণাৰিৰ কাণুবাৰী বালিজান গ্ৰাণ্ট অঞ্চলক । যাৰ ফলস্বৰূপে ফলত ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী, বিজুলী সংযোগকে ধৰি এশ এবুৰি সমস্যাৰে জৰ্জৰিত এই অঞ্চলটো ৷
লগতে পঢ়ক :আজুৰ কোম্পানীৰ বিৰুদ্ধে বিদ্যুৎ চুৰিৰ গুৰুতৰ অভিযোগ
অসম-নাগালেণ্ড সীমান্তৱৰ্তী এই অঞ্চলটোৰ প্ৰায় সংখ্যক লোক কৃষিৰ লগত জড়িত যদিও যাতায়াতৰ সু-ব্যৱস্থা নথকাৰ ফলত দীৰ্ঘদিন ধৰি যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলবাসী । কাণুবাৰী বালিজান গ্ৰাণ্ট অঞ্চলৰ পৰা চৰাইদেউ জিলাৰ সদৰ সোণাৰিলৈ যাবলৈও চিন্তাৰ কাৰণ হৈ পৰে স্থানীয় ৰাইজৰ । অঞ্চলটোৰ জৰাজীৰ্ণ মূল পথটো নিৰ্মাণৰ বাবে বাৰম্বাৰ দাবী জনাই অহাৰ পাচতো আজিলৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই স্থানীয় জনপ্ৰতিনিধি কিম্বা চৰকাৰে ।