অসম

assam

এটি নিঃসহায় বৃদ্ধ দম্পতীৰ মৰ্মান্তিক জীৱন গাঁথা

By

Published : Jun 5, 2021, 8:04 PM IST

উৰুখা পঁজাত দুৰ্বিসহ জীৱন কটাইছে এটি বৃদ্ধ দম্পতীয়ে ৷ বৃদ্ধ দম্পতীয়ে দিন হাজিৰা কৰি মোকলাই পেটৰ ভাত মুঠি ৷ বিয়লি বেলাত যান্ত্ৰণাময় জীৱন কটাইছে বৃদ্ধ দম্পতীয়ে ৷ লাহোৱাল সমষ্টিৰ জকাই ঘিটিৰা বৰবিল গাৱঁৰ নিবাসী ভূগিৰাম সোণোৱাল আৰু মাতু সোণোৱালে ৰ'দে-বৰষুণে এটা উৰুখা পঁজাতে ক্ষণ গণিছে জীৱনৰ ৷

Poor condition of a family in Jokai
উৰুখা পঁজাত দুৰ্বিসহ জীৱন

মৰাণ, 5 জুন :চৰকাৰে দৰিদ্ৰ জনৰ বাবে ঘোষণা কৰা আঁচনি সমূহ কেৱল যেন ৰঙীন বিজ্ঞাপনৰ মাজতে সীমাৱদ্ধ । কিয়নো বিভিন্ন সময়ত পোহৰলৈ অহা দৰিদ্ৰ জনতাৰ সমস্যাৰ দৃশ্যই তাকেই প্ৰতিফলিত কৰে । লাহোৱাল সমষ্টিৰ জকাই ঘিটিৰা বৰবিল গাৱঁৰ নিবাসী ভূগিৰাম সোণোৱাল আৰু মাতু সোণোৱালে ৰ'দে-বৰষুণে এটা উৰুখা পঁজাতে ক্ষণ গণিছে জীৱনৰ ৷

উৰুখা পঁজাত দুৰ্বিসহ জীৱন

অগপ চৰকাৰৰ দিনতে এই দম্পতীয়ে এটি চৰকাৰী গৃহ অনুদান হিচাপে পাইছিল যদিও সেই গৃহটো জহিখহি গৈছে ৷ তদুপৰি এওঁলোকৰ খোৱা পানীৰো নাই সু-ব্যৱস্থা, নাই শৌচাগাৰো ৷ ইফালে, তেওঁলোক সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ অধীনস্থ যদিও আজিকোপতি স্বায়ত্ব শাসিত পৰিষদৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই পৰিয়ালটোক ৷

প্ৰধান মন্ত্ৰী আবাস যোজনাইয়ো ঢুকি নোপোৱা এই বৃদ্ধ দম্পতীয়ে আজিও আনৰ ঘৰত কাম কৰিয়েই পেটৰ ভাত মোকলাই আহিছে অত দিনে । আনৰ ঘৰত কাম নাপালে একো নোখোৱাকৈ দিন পাৰ কৰে এই দৰিদ্ৰ বৃদ্ধ দম্পতীয়ে ৷ চৰকাৰে বৃদ্ধ সকলৰ বাবে বৃদ্ধ পেঞ্চনৰ লগতে না না আঁচনি মুকলি কৰিছে যদিও এই দম্পতীয়ে আজিও সেই সুবিধা লাভ নকৰিলে ৷ গতিকে জীৱনৰ এই বিয়লি বেলাত চৰকাৰ অকমান সাহাৰ্যৰ আশা কৰিছে ভূগিৰাম সোণোৱাল আৰু মাতু সোণোৱালে ৷

লগতে পঢ়ক: M-13 নে কাৰ্বি পথ : ক’ত হ’ব সোণোৱালৰ নতুন ঠিকনা ?

ABOUT THE AUTHOR

...view details