ডিব্ৰুগড়, 24 অক্টোবৰ: পূজাৰ আনন্দৰ মাজতেই ডিব্ৰুগড়ত শোকাৱহ ঘটনা ৷ আৰক্ষী বিষয়াৰ বাহনৰ খুন্দাত নিহত 11 বছৰীয়া কিশোৰী ৷ কিশোৰীগৰাকীৰ নাম ৰশ্মিতা গড় ৷
উল্লেখ্য যে, দেওবাৰে সন্ধিয়া বামুণবাৰীত মিতিৰৰ ঘৰলৈ আহিছিল ৰশ্মিতা মাকৰ সৈতে ৷ মিতিৰৰ ঘৰৰ পৰা পূজা চাবলৈ মাকৰ সৈতে ওলাই গৈছিল কিশোৰী ৰশ্মিতা । মৰাণ-শ'লগুৰি পথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত কয়লাগড়াৰ ওচৰত এখন বিলাসী বাহনে ৰশ্মিতাক পিছফালৰ পৰা খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় 11 বছৰীয়া ৰশ্মিতা । আহত কণমানিজনীক ততাতৈয়াকৈ লেঙেৰীৰ স্বাস্থ্যকেন্দ্ৰলৈ নিয়া হয় যদিও আঘাত গুৰুতৰ হোৱাত চিকিৎসকে ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰে ৰশ্মিতাক ।
ডিব্ৰুগড় মেডিকেলত চিকিৎসাধীন অৱস্থাতে কণমানি ৰশ্মিতাই শেষ নিশ্বাস ত্যাগ কৰে । ইফালে কণমানিজনীক খুন্দা মৰা বাহনখন বামুণবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ গায়নৰ বুলি প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ তুলিছে । অনুপ গায়নে কণমানিজনীক খুন্দা মাৰি পলাবলৈ চেষ্টা কৰোতে স্থানীয় ৰাইজে বাহনখন আগ ভেটি ধৰে ।