অসম

assam

ETV Bharat / state

বিদ্যুৎ মহন্তৰ আলফা স্বাধীনত যোগদানৰ পিচতে নাহৰকটীয়াৰ দুই সাংবাদিকক আৰক্ষীৰ জেৰা

সাংবাদিক বিদ্যুৎ মহন্ত আলফা স্বাধীনলৈ যোৱাৰ পাচতে নাহৰকটীয়া দুজনকৈ সাংবাদিকক জেৰা আৰক্ষীৰ ৷ বিদ্যুতৰ আলফা গমনত এই দুগৰাকী সাংবাদিকৰ ভূমিকা থকা বুলি সন্দেহ আৰক্ষীৰ ৷ পৰেশ বৰুৱালৈ পৰিয়ালৰ অনুৰোধ ঘৰৰ ল’ৰাক ঘৰলৈ ঘূৰাই পঠিয়াবলৈ ৷

Bidyut Mahanta join ULFA I
Assam Journalist join in militant group

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 3:44 PM IST

বিদ্যুত মহন্তৰ আলফা স্বাধীনত যোগদান

মৰাণ, 7 ডিচেম্বৰ: অসমৰ আগশাৰীৰ দৈনিক কাকতত নাহৰকটীয়াৰ পৰা সাংবাদিক হিচাপে কৰ্মৰত বিদ্যুৎ মহন্তই বুধবাৰে আলফা স্বাধীনত যোগদান কৰা খবৰ ৰাজহুৱা হোৱা পাছতেই সচেতন ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । বিদ্যুতৰ এই সিদ্ধান্তত যেন আকাশী সৰগ ভাগি পৰিছে তেওঁৰ পৰিয়ালৰ মূৰত ৷ সংজ্ঞা হেৰুৱাই পেলাইছে তেওঁৰ মাতৃয়ে ৷ চকুলো ৰখাব পৰা নাই সাংবাদিকগৰাকীৰ পিতৃয়েও ৷ তেওঁলোকে হয়তো কল্পনাও কৰিব পৰা নাছিল যে সদায় সমাজৰ হিতৰ হকে, আৰ্তজনৰ হকে মাত মাতি অহা বিদ্যুতে ঘৰ-পৰিয়াল এৰি সশস্ত্ৰ সংগ্ৰামৰ পথত খোজ দিব ৷

আলফা স্বাধীনৰ শিবিৰৰ পৰা এজনৰ পাছত আন এজন আলফা সদস্যই পলায়ন কৰা সময়ত এগৰাকী প্ৰতিষ্ঠিত সাংবাদিক হৈ আলফা স্বাধীনত যোগদান কৰা বিষয়টোত পৰিয়ালৰ লগতে সচেতন ৰাইজ চিন্তিত হৈ পৰিছে । পিতৃ-মাতৃ, পত্নী আৰু কণমানি পুত্ৰক এৰি সাংবাদিকগৰাকীয়ে আলফা স্বাধীনত যোগদান কৰা পাছতে ঘৰখনত সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিবেশৰ । সকলোৱে বিদ্যুৎ মহন্তক ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে ।

ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় জিলা আৰক্ষী এইক্ষেত্ৰত তৎপৰ হোৱা পৰিলক্ষিত হৈছে । সাংবাদিক বিদ্যুৎ মহন্ত আলফা স্বাধীনলৈ যোৱাৰ পাছতে বৃহস্পতিবাৰে নাহৰকটীয়া থানাত দুজন সাংবাদিক বুলন কুমাৰ শইকীয়া আৰু শ্ৰীমন্ত ভাগৱতীক আৰক্ষীয়ে সোধপোছ কৰে । নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাই দুয়োজন সাংবাদিকক বহু সময় ধৰি সোধপোছ কৰাৰ অন্তত যাবলৈ দিয়ে ৷

উল্লেখযোগ্য যে আৰক্ষীয়ে আজি সোধপোছ কৰা এই দুই সাংবাদিকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল আলফা স্বাধীনলৈ ঢাপলি মেলা বিদ্যুৎ মহন্তৰ । আৰক্ষীৰ জেৰাৰ সন্মুখীন হোৱা জ্যেষ্ঠ সাংবাদিক বুলন কুমাৰ শইকীয়াই কয়, ‘‘বিদ্যুৎ মহন্তই এই সিদ্ধান্ত ল'ব বুলি কেতিয়া জনা নাছিলোঁ । আজিৰ সমাজ জীৱনত বিদ্যুৎ মহন্তৰ দৰে ব্যক্তিৰ অতি প্ৰয়োজন ।’’

তেওঁ লগতে কয় যে পূৰ্বতে আলফা(স্বা)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই বহুবাৰ সাংবাদিক শইকীয়াৰ সৈতে যোগাযোগ কৰিছিল ৷ বিদ্যুৎ মহন্ত যিহেতু তেওঁৰ অতি ঘনিষ্ঠ গতিকে আৰক্ষীয়ে এই কাৰ্যত অনুঘটকৰ ভূমিকা লোৱাৰ সন্দেহ কৰাটো স্বাভাৱিক ৷ কিন্তু বিদ্যুতে এনে সিদ্ধান্ত ল’ব বুলি ঘূণাক্ষৰেও গম নোপোৱা বুলি সংবাদ মাধ্যমৰ আগত বুলন কুমাৰ শইকীয়াই জনায় ৷ ঘৰৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক বিদ্যুৎ মহন্তক ঘূৰাই পঠিয়াবলৈ আহ্বান জনাইছে সাংবাদিক শইকীয়াই । ইফালে বিদ্যুতৰ পৰিয়ালেও একে দাবীয়েই জনাইছে আলফা(স্বা)ৰ সৰ্বাধিনায়ক গৰাকীক ৷

লগতে পঢ়ক:স্বাধীন ৰাষ্ট্ৰৰ স্বপ্ন বুকুত বান্ধি আলফা স্বাধীনলৈ প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানৰ সংবাদকৰ্মী

ABOUT THE AUTHOR

...view details