ডিব্ৰুগড়, 23 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়ত ধ্বংসাত্মক কাৰ্যকলাপত লিপ্ত হোৱাৰ অপৰাধত ডিব্ৰুগড় আৰক্ষীয়ে এইপৰ্যন্ত 55 জনকৈ লোকক আটক কৰিছে ৷ ন্যায়িক জিম্মাৰ বাবে সকলোকে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি আটাইকেইজনকে জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা আটক কৰা হৈছে ৷ আৰক্ষীয়ে প্ৰতিবাদৰ সময়ত সংগ্ৰহ কৰা বিভিন্ন ভিডিঅ’,চিচিটিভিৰ লগতে মোবাইল ভিডিঅ’ তথ্যৰ ভিত্তিত লোককেইজনক আটক কৰিছে ৷
ডিব্ৰুগড়ত 55 জনকৈ লোকক আটক
ধ্বংসাত্মক কাৰ্যকলাপৰ বিৰুদ্ধে সৰ্বমুঠ 75 টা গোচৰ ৰুজু কৰা হৈছে ৷ ইয়াৰ ভিতৰত চাবুৱাত সংঘটিত কাৰ্যকলাপৰ পৰিমান আটাইতকৈ বেছি
ডিব্ৰুগড়ত 55 জনকৈ লোকক আটক
ইতিমধ্য উক্ত ধ্বংসাত্মক কাৰ্যকলাপৰ বিৰুদ্ধে সৰ্বমুঠ 75 টা গোচৰ ৰুজু কৰা হৈছে ৷ ইয়াৰ ভিতৰত চাবুৱাত সংঘটিত কাৰ্যকলাপৰ পৰিমান আটাইতকৈ বেছি ৷ আৰক্ষীয়ে ভিডিঅ’ বা তেনে তথ্য যোগান ধৰিব পাৰ লোকসকলৰ বাবে ইতিমধ্যে পুৰস্কাৰৰো ঘোষণা কৰিছে ৷
লগতে পঢ়ক-নলবাৰীৰ পৰা সন্ধানহীন যুৱক