মৰাণ, 14 মাৰ্চ :আৰক্ষী চাউনীৰ ভিতৰত হোৱা হত্যাকাণ্ডই চাঞ্চল্য সৃষ্টি কৰিছে ডিব্ৰুগড়ত (Sensational murder at Dibrugarh Police station) ৷ ডিব্ৰুগড় সদৰ থানাৰ চৌহদত দেওবাৰে নিশা 1 বজাত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড । এগৰাকী আৰক্ষী কনিষ্টবলে নিজৰ কাৰ্বাইনৰে গুলীয়াই হত্যা কৰে পত্নীক (Husband shot his wife with service pistol) । অভিযুক্ত কনিষ্টবলগৰাকী বিকি চেতিয়া আৰু পত্নীৰ নাম জয়শ্ৰী চেতিয়া (29) বুলি জানিব পৰা গৈছে ৷
অভিযুক্ত বিকি ফৰেনাৰ্ছ ট্ৰিবিউনেল আদালতত পি এছ অ' হিচাপে কৰ্মৰত আছিল । পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি এক সূত্ৰই সদৰী কৰিছে । কনিষ্টবলগৰাকীক ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় সদৰ থানাত সোধ-পোছ অব্যাহত ৰাখিছে । ইফালে এই ঘটনাৰ পাছতে জয়শ্ৰীক অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছিল যদিও আদবাটতে তেওঁৰ মৃত্যু ঘটে ।