অসম

assam

ETV Bharat / state

দুলীয়াজানৰ ৰাজপথত জ্বলিল মোডী আৰু সোণোৱালৰ প্ৰতিকৃতি - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

দুলীয়াজানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ ৷ পেট্ৰল আৰু ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দাহ কৰা হয় মোডী আৰু সোণোৱালৰ প্ৰতিকৃতি ৷ দুলীয়াজানৰ টিপলিং তিনিআলিত মন্ত্ৰী দুগৰাকীৰ প্ৰতিকৃতি দাহ ৷

pm modi and cm sonowals effigy burnt in duliajan
দুলীয়াজানৰ ৰাজপথত জ্বলিল মোডী আৰু সোণোৱালৰ প্ৰতিকৃতি

By

Published : Feb 6, 2021, 5:51 PM IST

মৰাণ, 6 ফেব্ৰুৱাৰী:পেট্ৰল আৰু ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদে ৰাজ্যৰ ভিন্ন প্ৰান্ত উত্তাল কৰি ৰখাৰ মাজতে দুলীয়াজানতো পেট্ৰল, ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰা দেখিবলৈ পোৱা গ'ল ৷

দুলীয়াজানৰ টিপলিং তিনিআলিত মন্ত্ৰী দুগৰাকীৰ প্ৰতিকৃতি দাহ

মূল্যবৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (এজেৱাইচিপি) দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত এজেৱাইচিপিৰ লগতে একাংশ ক্ষুব্ধ ৰাইজে দুলীয়াজানৰ ৰাজপথত মন্ত্ৰী দুগৰাকীৰ প্ৰতিকৃতি দাহ কৰে ৷ এজেৱাইচিপিৰ দুলীয়াজান আঞ্চলিক সমিতিয়ে বিজেপিৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি দুলীয়াজানৰ টিপলিং তিনিআলিত মুখ্যমন্ত্ৰী সোণোৱাল আৰু প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিকৃতি দাহ কৰে ৷

'বিজেপি গ' বেক', 'মূল্য বৃদ্ধি ৰোধ কৰক', 'বিজেপি চৰকাৰ গ' বেক' আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদকাৰী সকলে টিপলিঙৰ ৰাজপথ উত্তাল কৰি তোলে ৷ প্ৰতিবাদথলীত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি সোণেশ্বৰ ফুকন আৰু সম্পাদক পল্লৱ গগৈ উপস্থিত থাকি চৰকাৰক মূল্যবৃদ্ধিৰ ৰোধৰ ক্ষেত্ৰত সোনকালে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনোৱাৰ লগতে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে অধিক তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক:মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details