ডিব্ৰুগড়, 8 মাৰ্চ : অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানৰ প্ৰাকক্ষণত উজনিত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । নিৰ্বাচনলৈ মাত্ৰ সাতটা দিন বাকী থকা অৱস্থাত অৰ্থাৎ আগন্তুক 20 মাৰ্চত চাবুৱালৈ আহিব প্ৰধানমন্ত্ৰী মোডী । চাবুৱাত এক বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীৰ জনসভাক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে ৰাজ্যিক তথা উজনিৰ বিজেপি আৰু মিত্ৰ দল অগপৰ নেতৃবৃন্দ ।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত চাবুৱাত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভা - বিশাল জনসভা
চাবুৱাত এক বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । প্ৰধানমন্ত্ৰীৰ জনসভাক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে ৰাজ্যিক তথা উজনিৰ বিজেপি আৰু মিত্ৰদল অগপৰ নেতৃবৃন্দ ।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত চাবুৱাত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভা
মোডীৰ এই সভাত প্ৰত্যেকটো সমষ্টিৰ পৰা দহৰ পৰা পোন্ধৰ হাজাৰকৈ মানুহৰ অংশগ্ৰহণৰ দিহা কৰিব বিচাৰিছে বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে । মোডীৰ এই সভাৰ এসপ্তাহৰ পাছতে থকা নিৰ্বাচনে বিজেপি যথেষ্ট সহায় কৰাৰ লগতে ভোটাৰৰ মনত ব্যাপক প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে । আনহাতে, চাবুৱাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপ নেতা পোনাকন বৰুৱাই এই ৰেলী এক ঐতিহাসিক ৰেলী হ'ব বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক :অখিল গগৈ নতুন অসমৰ স্বপ্ন !