মৰাণ, 19 জুলাই : চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহাট টিটলাগড়স্থিত ক্ৰীড়া প্ৰকল্পটো (Sports Project) আজিও আছে অসম্পূৰ্ণ অৱস্থাত ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে আধাৰশিলা স্থাপন কৰা এই ক্ৰীড়া প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই ৷ প্ৰায় 2 কোটি 72 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান অৱস্থাত থকা এই প্ৰকল্পৰ নিৰ্মাণকাৰ্যত বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । 2012-13 বিত্তীয় বৰ্ষৰ এক আঁচনিৰ জৰিয়তে অব্যাহত থকা ক্ৰীড়া প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য কিছু বছৰ পূৰ্বে সেই সময়ৰ বিধায়ক তথা বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ (Tapan Kumar Gogoi)য়ে পৰিদৰ্শন কৰি কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিছিল যদিও আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল ক্ৰীড়া প্ৰকল্পটো ৷
ইয়াৰ বিপৰীতে নিৰ্মীয়মান অৱস্থাত থকা সময়তে জহি-খহি যাবলৈ ধৰিছে প্ৰকল্পটোৰ গেলেৰী তথা পেভিলিয়ন । প্ৰকল্পটোৰ কাষত নলা নিৰ্মাণ কৰাৰ উপৰিও খেলপথাৰখনত 8 টা ট্ৰেক নিৰ্মাণ কৰিব লাগে যদিও সেয়াও সম্পূৰ্ণ হৈ উঠা নাই । খেলপথাৰ (Playground)খন এতিয়া সম্পূৰ্ণৰূপে খেলৰ বাবে অনুপযোগী হৈ পৰিছে । যাৰ ফলস্বৰূপে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷