মৰাণ, 6 জুলাই:এফালে ক’ভিড মহামাৰী জুৰুলা কৰিছে ৰাজ্যক ৷ আনফালে ভয়াবহ হাৰত ৰাজ্যত বৃদ্ধি পাইছে নিবনুৱা সমস্যা ৷ নিবনুৱা সমস্যা বৃদ্ধিত বিশেষকৈ চিন্তিত হৈ পৰিছে শিক্ষিত নিবনুৱা সকল ৷
ক’ভিড সৃষ্ট পৰিৱেশৰ মাজত বিশেষকৈ শিক্ষিত নিবনুৱা সকলে কৃষিকৰ্মৰ লগতে পশু পালনেৰে স্বাৱলম্বিতাৰ এক পথ বাচি লৈছে ৷ তাৰে ভিতৰত অন্যতম হৈছে গাহৰি পালন ৷ অসমৰ বিভিন্ন প্ৰান্তত বহু শিক্ষিত নিবনুৱাই গাহৰি পালন কৰি স্বাৱলম্বীতাৰ এক পথ বাচি লোৱা পৰিলক্ষিত হৈছে । গাহৰি পালন কৰি ইতিমধ্যে বহু যুৱক স্বাৱলম্বী হৈ উঠাৰ লগতে আনৰ বাবে এক নিদৰ্শন গঢ়ি তুলিবলৈকো সক্ষম হৈছে ।
ডিব্ৰুগড়ত জব্দ হৈছে বহিঃ ৰাজ্যৰ গাহৰি কাৰণ অসমত গাহৰি মাংসই এক সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । তেনে সময়তে কিন্তু থলুৱা যুৱক সকলৰ ব্যৱসায় ধ্বংস কৰি অধিক লাভৰ বাবে কিছুলোকে বহিঃ ৰাজ্যৰ পৰা গাহৰি সৰবৰাহ কৰি ব্যৱসায় চলাই আহিছে । যিটো ৰাজ্যৰ থলুৱা গাহৰি পালক সকলে বহু দিনৰ পৰাই বিৰোধীতা কৰি আহিছিল ।
ডিব্ৰুগড়ত জব্দ হৈছে বহিঃ ৰাজ্যৰ গাহৰি থলুৱা পালক সকলে বিৰোধীতাৰ পাচতো কিছু ব্যৱসায়ীয়ে বে-আইনীভাৱে গাহৰি সৰবৰাহ কৰি আছিল ৷ ইয়াৰ মাজতে মঙলবাৰে সদৌ অসম গাহৰি পালক সন্থাই ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত মোহনবাৰীত বহিঃ ৰাজ্যৰ ২৫ টাকৈ গাহৰি জব্দ কৰে । লগতে বহিঃ ৰাজ্যৰ পৰা গাহৰি আনি কাটি থকা অৱস্থাত ৪ টা গাহৰি জব্দ কৰে ।
পৰৱৰ্তী সময়ত এই সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰা হয় আৰক্ষীক ৷ ইয়াৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় মোহনবাৰী আৰক্ষী আৰু আৰম্ভ কৰে তদন্ত । আনহাতে, সদৌ অসম গাহৰি পালক সন্থাৰ সম্পাদক দেৱৰাজ স্বৰ্গীয়াৰীয়ে জানিবলৈ দিয়া মতে, বহিঃ ৰাজ্যৰ গাহৰি সমূহৰ পৰাই থলুৱা গাহৰিলৈ বিভিন্ন বেমাৰ বিয়পে ।
ইতিমধ্যে উচ্চ ন্যায়ালয় আৰু ৰাজ্য চৰকাৰে বহিঃ ৰাজ্যৰ গাহৰি অসমলৈ অহাটো বন্ধ কৰি ৰাখিছে । ইয়াৰ পাচতো প্ৰশাসনৰ চকুত ধূলি দি একাংশ ব্যৱসায়ীয়ে বহিঃ ৰাজ্যৰ গাহৰি সৰবৰাহ কৰি আহিছে ৷ ইফালে বহিঃ ৰাজ্যৰ পৰা গাহৰি আনি মুকলিকৈ বিক্ৰী কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম গাহৰি পালক সন্থাই ।
লগতে পঢ়ক:মৰাণৰ লেঙেৰীত বৃহৎ জুৱাৰ ঘাটি উৎখাত