অসম

assam

ETV Bharat / state

AMCH ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই কি ক’লে অমিক্ৰণ সন্দৰ্ভত ? - ডাঃ প্ৰশান্ত দিহিঙীয়াই কি ক’লে অমিক্ৰণ সন্দৰ্ভত

কিমান ভয়াবহ ক'ভিডৰ অতি শক্তিশালী ৰূপ অমিক্ৰণ ভাইৰাছ (New COVID variant OMICRON ) ? জানো আহক এই সন্দৰ্ভত কি ক'লে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই ৷

physicist-prashant-dihingiya-of-amch-on-omicron
AMCH ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই কি ক’লে অমিক্ৰণ সন্দৰ্ভত ?

By

Published : Dec 4, 2021, 10:16 PM IST

মৰাণ, 4 ডিচেম্বৰ : সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক'ভিডৰ নতুন অতি শক্তিশালী ভেৰিয়েন্ট 'অমিক্ৰণ'(New COVID variant OMICRON ) । ইতিমধ্যেই বিশ্বৰ কেইবাখনো দেশত কম সময়ৰ ভিতৰতে বনজুইৰ দৰে বিয়পিছে এই মাৰাত্মক ভাইৰাছ । ভাৰততো কেইবাজনৰো দেহত পোৱা গৈছে ক'ভিডৰ নতুন শক্তিশালী প্ৰকাৰ "অমিক্ৰণ"ৰ উপস্থিতি(OMICRON in India) । ইয়াৰ পুৰ্বেও দুটা বছৰত সমগ্ৰ পৃথিৱীয়ে দেখিছিল ক'ভিডৰ নতুন নতুন প্ৰকাৰ যেনে ডেল্টা ভাইৰেন্ট, UK ভাইৰেন্ট, South African ভাইৰেন্ট আৰু বৰ্তমান অমিক্ৰণ ।

ক'ভিডৰ নতুন শক্তশালী ৰূপ অমিক্ৰণে কি প্ৰভাৱ পেলাব মানৱ সমাজত(OMICRON affect on human being), বৰ্তমান এইটোৱেই ডাঙৰ প্ৰশ্ন । অমিক্ৰণে ভেকচিনৰ প্ৰভাৱ বা ৰোগ প্ৰতিৰোধী ক্ষমতাক প্ৰভাৱিত কৰিব পাৰে । সম্পূৰ্ণ প্ৰভাৱ নেপেলালেও এটা পৰ্যায়লৈ প্ৰভাৱিত কৰা সম্ভাৱনা আছে । তাৰ ওপৰিও অতি দ্ৰুতগতিত বিয়পি পৰিব এই ভাইৰেন্ট আৰু অধিক লোকক সংক্ৰমিত কৰিব অমিক্ৰণে ।

AMCH ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই কি ক’লে অমিক্ৰণ সন্দৰ্ভত ?

ক'ভিডৰ পূৰ্বৰ প্ৰকাৰ সমূহত এজন সংক্ৰমিত লোকে ১৪দিনত প্ৰায় ৪০জন লোকলৈ বিয়পাইছিল সংক্ৰমণ; কিন্তু ক'ভিডৰ শক্তিশালী ৰূপ অমিক্ৰণত আক্ৰান্ত এজন লোকে প্ৰায় ৮০পৰা ১০০ লোকক সংক্ৰমণ কৰিব ।

ইতিমধ্যেই, এটা সপ্তাহৰ ভিতৰত এই ভাইৰাছ বিয়পি পৰিছে বিশ্বৰ প্ৰায় ২৫/২৬খন দেশত । অৱশ্যে এই ভাইৰাছৰ ফলত মৃত্যুৰ সংখ্যা কিমান বৃদ্ধি পাব এই মূহুৰ্তত ক'ব পৰা নাযায়। এইয়া আমি কোৱা কথা নহয়, এই মন্তব্য ক'ভিড বিশেষজ্ঞৰ। শেহতীয়াকৈ অমিক্ৰণ সন্দৰ্ভত অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ অধীক্ষক ডা: প্ৰশান্ত দিহিঙীয়াই প্ৰকাশ কৰিছে এই তথ্য(Physicist Prashant Dihingiya of AMCH on OMICRON ) ।

লগতে পঢ়ক :দিনত 6 বাৰকৈ গো-ধোৱে পত্নীয়ে : বিবাহ বিচ্ছেদৰ আবেদন স্বামীৰ, তৰিলে গোচৰ

ABOUT THE AUTHOR

...view details