ডিব্ৰুগড় , ২৪ ডিচেম্বৰ :ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সহযোগত এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰে । বৃহস্পতিবাৰে জিলা খনৰ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষভাৱে সক্ষম লোকৰ বাবে বিশেষ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় । বিদ্যালয়খনৰ চৌহদত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে প্ৰমাণীকৰণৰ এটা শিবিৰ অনুষ্ঠিত কৰি প্ৰদান কৰা হয় প্ৰমাণ পত্ৰ।
টিংখাঙত বিশেষভাৱে সক্ষম লোকক প্ৰদান প্ৰমাণ পত্ৰ - টিংখাঙত বাধাগ্ৰস্ত লোকক বিশেষ প্ৰমাণ পত্ৰ প্ৰদান
ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সহযোগত গ্ৰহণ এক আদৰণীয় পদক্ষেপ । আয়োজিত শিবিৰত বিশেষভাৱে সক্ষম লোকৰ বাবে বিশেষ প্ৰমাণ পত্ৰ প্ৰদান ।
টিংখাংত বাধাগ্ৰস্ত লোকক বিশেষ প্ৰমাণপত্ৰ প্ৰদান
অনুষ্ঠানটোত অঞ্চলটোৰ শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকসকলৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁলোকক শাৰীৰিক বাধাগ্ৰস্ততাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় । জিলা প্ৰশাসনে শিবিৰটো বিগত কেইবাদিনৰ পৰা জিলাখনৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰি আহিছে । প্ৰশাসনে জানিবলৈ দিয়া মতে পৰ্যায় ক্ৰমে জিলাৰ সকলো ঠাইতে শিবিৰটো অনুষ্ঠিত হ'ব ।
লগতে পঢ়ক :মহানগৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী