ডিব্ৰুগড়, 10 এপ্ৰিল:পুনৰ উত্তপ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয় ৷ ছাত্ৰ আন্দোলনে উত্তপ্ত কৰিছে বিশ্ববিদ্যালয়ৰ চৌহদ । পিছে এই আন্দোলন কোনো দুৰ্নীতিৰ বিৰুদ্ধে নহয় ৷ অভিযোগ প্ৰতি অভিযোগৰ এই আন্দোলনৰ কেন্দ্ৰবিন্দু মাত্ৰ দুদিনৰ পূৰ্বে অনুষ্ঠিত হৈ যোৱা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন হে ৷ স্মৰ্তব্য যে, বিশ্ববিদ্যালয়খন দুটাকৈ শৈক্ষিক বৰ্ষ, স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভা অবিহনে থকাৰ পাছত যোৱা ৮ এপ্ৰিলত অনুষ্ঠিত হৈছিল এই নিৰ্বাচন । প্ৰাক নিৰ্বাচনী হিংসা নোহোৱাকৈ সম্পূৰ্ণ শান্তিপূৰ্ণ ভাবে নিৰ্বাচন শেষ হৈছিল যদিও নিৰ্বাচন শেষ হোৱাৰ পাছত নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমে উতপ্ত হৈছে বিশ্ববিদ্যালয়খন । এফালে, সমাজ সেৱা বিভাগৰ নৱ নিৰ্বাচিত সম্পাদক জিৎ দাসক ছাত্ৰ একতা সভাৰ কাৰ্যালয়ৰ ভিতৰতেই শাৰীৰিক ভাবে অপদস্ত কৰাৰ অভিযোগত একাংশ ছাত্ৰ ছাত্ৰীয়ে ঘেৰাও কৰে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱন ৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰীক ছাত্ৰ সংঘাট - প্ৰাক নিৰ্বাচনী হিংসা
স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ সংঘাট ৷ যোৱা ৮ এপ্ৰিলত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ পিছত আৰম্ভ হৈছে দুই পক্ষৰ এই যুঁজ ৷
![ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰীক ছাত্ৰ সংঘাট pgsu_election_battle_du](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11356649-thumbnail-3x2-tyed6yu7.jpg)
আনফালে, মনোহৰ পেগু নামৰ এজন ছাত্ৰক আৱাসিক হোষ্টেলত আক্ৰমণ কৰাৰ অভিযোগত আন একাংশ ছাত্ৰ ছাত্ৰীয়ে নৱ গঠিত ছাত্ৰ একতা সভাৰ ওচৰত বিষয়টোৰ হস্তক্ষেপ বিচাৰি ঘেৰাও কৰে স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ কাৰ্যালয় ৷এই দুই গোটৰ আন্দোলনত শনিবাৰৰ দিনটোত উতপ্ত হৈছে উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ বিশ্ববিদ্যালয়খন ৷ ইফালে এই সমগ্ৰ ঘটনাৰ তদন্ত আৰু নব গঠিত ছাত্ৰ একতা সভাৰ একাংশ বিষয়বীয়াৰ বিৰুদ্ধে বিভিন্ন ৰাজনৈতিক দলৰ ভাতৃ সংগঠনৰ সমৰ্থন থকাৰ অভিযোগ উঠি থকাৰ সময়তে নৱ গঠিত ছাত্ৰ একতা সভাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোনো ৰাজনৈতিক দলৰ সমৰ্থন নথকা বুলি উল্লেখ কৰি ন্যায়লয়ৰ শপতনামা সহ স্পষ্টিকৰণ দিয়ে ।
লগতে পঢ়ক :লুৰীণজ্যোতি গগৈৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল