মৰাণ, 29 জুন : সম্প্ৰতি ৰাজ্যত অব্যাহত থকা ক’ভিড সৃষ্ট পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰৰ স্বাস্থ্য বিভাগে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱাৰ সমান্তৰালভাৱে অনান্য বেচৰকাৰী দল সংগঠনৰ বিশ্ববিদ্যালয়-মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী সকলৰ তৰফৰ পৰাও পাৰ্যমানে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷ তাৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা আৰু ড॰ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সকলে মিলিত হৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে অনুদান । ছাত্ৰ-ছাত্ৰীৰ এটা দলে মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ গৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত প্ৰদান কৰে উক্ত ধন ৰাশি ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ অনুদান - মুখ্যমন্ত্ৰী
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা আৰু ড॰ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী সকলে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ দিলে অনুদান ৷
লগতে পৰিৱেশ্য কলা (Performing Arts) বিভাগ, ড॰ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন স্নাতক, স্নাতকোত্তৰ আৰু বতৰ্মান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ হৈ এটা দলে অসমৰ বিদ্যালয়-মহাবিদ্যালয়-বিশ্ববিদ্যালয় আদিত পৰিৱেশ্য কলা শিক্ষা আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়া আৰু স্থায়ী নিযুক্তি লাভ নকৰা সন্দৰ্ভত ক্ৰমে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক সুকীয়া সুকীয়াকৈ সাক্ষাৎ কৰি স্মাৰক প্ৰদান কৰে ।
ছাত্ৰ-ছাত্ৰী সকলে আশা প্ৰকাশ কৰিছে যে, অতি শীঘ্ৰে ৰাজ্য চৰকাৰে তেওঁলোকৰ এই সমস্যাসমূহ সামাধান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ৷ লগতে এই মহামাৰীৰ সময়তে বাধাগ্ৰস্ত হৈ পৰা শিক্ষা ব্যৱস্থাটোৰ পৰা কি দৰে পৰিত্ৰাণ পাব পাৰি সেই সৰ্ন্দভটো মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়কঃ Cyber Crime নিয়ন্ত্ৰণ কৰিবলৈ অসম আৰক্ষীত নতুন সংযোজন