মৰাণ, 9 জুলাই :যিমানেই চৰকাৰ তথা মন্ত্ৰী সলনি নহওঁক কিয় ৰাষ্টা, পকী দলং আদিৰ সমস্যা যেন সদায় একেই অৱস্থাতেই ৰৈ যায় ৷ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টি (Tingkhong Constituency) আৰু দুলীয়াজান সমষ্টিৰ (Duliyajan Constituency) সীমামূৰীয়া তথা মৰাণৰ সমীপৰ লেঙেৰী আঘোণীবাৰীত বুঢ়ীদিহিং নদীয়ে (Burhidehing river) দুটা সমষ্টিক পৃথক কৰি ৰাখিছে । কেৱল মাত্ৰ নাঁৱেৰে যাত্ৰা কৰে এই সমষ্টি দুটাৰ ৰাইজে ৷ 1980 চনৰ পৰাই দাবী উত্থাপন কৰি আহিছে যদিও কোনো এজন জনপ্ৰতিনিধি তথা কোনো এখন চৰকাৰে গুৰুত্ব নিদিয়াত বছৰ বছৰ ধৰি স্থানীয় ৰাইজৰ আশা আজিও উপেক্ষিত হৈ ৰৈছে ।
দুয়োটা সমষ্টিৰ ৰাইজে বুঢ়ীদিহিং নদীখন (Burhidehing river) নাঁৱেৰে পাৰ হৈ বিভিন্ন কামত দৈনিক অহা যোৱা কৰি আহিছে । উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ বাবে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে 1980 চনৰ পৰাই দাবী উত্থাপন কৰি আহিছে যদিও কোনো এজন জনপ্ৰতিনিধি তথা কোনো এখন চৰকাৰে গুৰুত্ব নিদিয়াত বছৰ বছৰ ধৰি স্থানীয় ৰাইজৰ আশা আজিও আশা হৈয়ে ৰৈছে । উল্লেখ্য যে, উক্ত স্থানত এখন পকী দলং হৈ উঠিলে জিলাখনৰ মৰাণ, টেঙাখাট, দুলীয়াজান, তিনিচুকীয়ালৈ এক চমু পথ হৈ ৰ'ব যদিও এই ক্ষেত্ৰত কোনো এখন চৰকাৰে আগ্ৰহ প্ৰকাশ নকৰাত তেলপানী ঘাটত সুদীৰ্ঘ প্ৰায় ২২ বছৰে অজিত সোনোৱাল নামৰ এজন নাৱৰীয়াই নাও চলাই ৰাইজক নদীৰ ইপাৰ-সিপাৰ কৰি আহিছে।