অসম

assam

ETV Bharat / state

মেচুকাত দুৰ্ঘটনাত পতিত হোৱা নাই অসমৰ বাহন, কুশলে আছে ডিব্ৰুগড়ৰ বনভোজ যাত্ৰী - People from Dibrugarh going to Mechuka

ডিব্ৰুগড়ৰ পৰা শেহতীয়াকৈ এটা দলে মেচুকালৈ বনভোজৰ বাবে গৈছিল । কিন্তু তেওঁলোকৰ বাহন দুখন তাত দুৰ্ঘটনাত পতিত হোৱা বুলি খবৰ ওলাইছিল । অৱশ্যে এই খবৰ মিছা বুলি জানিব পৰা গৈছে (Mechuka accident fake news)। সকলো যাত্ৰী কুশলে আছে ।

Mechuka accident fake news
মেচুকাত দুৰ্ঘটনাত হোৱা নাই মেচুকাত দুৰ্ঘটনাত পতিত হোৱা নাই অসমৰ বাহন, কুশলে আছে ডিব্ৰুগড়ৰ বনভোজ যাত্ৰীবাহন, কুশলে আছে ডিব্ৰুগড়ৰ বনভোজ যাত্ৰী

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 2:23 PM IST

Updated : Dec 23, 2023, 2:36 PM IST

মেচুকাত দুৰ্ঘটনাত পতিত হোৱা নাই অসমৰ বাহন, কুশলে আছে ডিব্ৰুগড়ৰ বনভোজ যাত্ৰী

ডিব্ৰুগড়,২৩ ডিচেম্বৰ :এতিয়া বনভোজৰ বতৰ । পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰিবলৈ সকলো সাজু হোৱাৰ সমান্তৰালকৈ মনোমোহা পৰিৱেশত বনভোজ খোৱাত ব্যস্ত হৈছে বিভিন্নজন । ইয়াৰ মাজতে এক উৰা বাতৰিয়ে আলোড়নৰ সৃষ্টি কৰিছে ডিব্ৰুগড়ত । মানুহৰ মুখে মুখে ওলোৱা খবৰ অনুসৰি অৰুণাচলৰ মেচুকাত শুকুৰবাৰে নিশা দুৰ্ঘটনাত পতিত হৈছে বনভোজলৈ যোৱা দুখনকৈ বাহন ।

ডিব্ৰুগড়ৰ পৰা মেচুকাত বনভোজলৈ যোৱা সেই বাহন দুখনত আছিল প্ৰায় ১৩ জনীয়া এটা দল । কিন্তু বাহন দুখন দুৰ্ঘটনাত পতিত হোৱাৰ পাছত সেই লোকসকলৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ খবৰ ওলাইছিল । এই খবৰ কেৱল সামাজিক মাধ্যমতে নহয় দুই এক সংবাদ মাধ্যমতো প্ৰকাশ পাইছিল । লগে লগে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । বনভোজলৈ যোৱা লোকসকলৰ পৰিয়ালৰ মাজতো হাহাকাৰ লাগিল ।

অৱশেষত শনিবাৰে পুৱাই আহিল এটা সন্তোষজনক খবৰ । অৰুণাচলৰ মেচুকাত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা নাই ডিব্রুগড়ৰ পৰা যোৱা বনভোজ যাত্ৰীৰ দলটো । কেৱল মোবাইল ফোনৰ নেটৱৰ্কৰ সমস্যাৰ বাবেহে পৰিয়ালৰ সৈতে তেওঁলোকে যোগাযোগ কৰিব পৰা নাছিল । পুৱাই পৰিয়ালৰ সৈতে বনভোজ যাত্ৰীৰ দলটোৰ সদস্যসকলে ফোনত কথা পাতিছে আৰু কোনো ধৰণৰ অসুবিধা হোৱা নাই বুলি জনাইছে ।

জানিব পৰা মতে বনভোজ যাত্ৰীৰ দলটোত আছে শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়ৰ প্ৰায় ১৩ জনকৈ লোক । তেওঁলোকে ডিব্রুগড়ৰ মেঘালী ট্ৰেভেলছ নামৰ প্ৰতিষ্ঠানটোৰ পৰা দুখন বাহন ভাড়াত লৈ মেচুকালৈ গৈছে । পৰিয়ালৰ সদস্যৰ পৰা জানিব পৰা মতে ২৫ ডিচেম্বৰৰ সন্ধিয়া দলটো ডিব্রুগড় আহি পাব । ইফালে দলটোৱে যি পৰিকল্পনাৰে মেচুকালৈ গৈছিল ঠিক তেনেদৰেই সময় পাৰ কৰিছে বুলিও জানিব পৰা গৈছে । উল্লেখ্য যে মেচুকাৰ নান্দনিক পৰিৱেশ উপভোগ কৰিবলৈ অসমৰ পৰা প্ৰতিবছৰে বহু লোকে ভ্ৰমণ কৰে । এইবাৰো বহু লোক মেচুকালৈ ভ্ৰমণ কৰিছে ।

লগতে পঢ়ক :আৰক্ষী চকীৰ চোতালত উদ্ধাৰ সদ্যোজাত শিশুৰ মৃতদেহ

Last Updated : Dec 23, 2023, 2:36 PM IST

ABOUT THE AUTHOR

...view details