মৰাণ,3 জুন: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পৰিৱৰ্তন এতিয়া সীমাৱদ্ধ ৰঙীন বিজ্ঞাপনত ৷ ৰাইজে ক্ৰমাৎ আশ্বাস হেৰুৱাইছে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ ওপৰত । স্বয়ং মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশক গুৰুত্ব নিদিয়ে চৰকাৰৰ মন্ত্ৰী-বিধায়ক, বিষয়া-কৰ্মচাৰীয়ে ৷ যাৰ ফলত মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্দেশৰ পিছতো মৰাণ বিধানসভা সমষ্টিৰ লেজাইত বিগত প্ৰায় ডেৰ মাহে ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজে ৰ’দ-বৰষুণ নেওচি ত্রিপালৰ তলত থাকিব লগা হৈছে ৷
সমষ্টিটোৰ অন্তৰ্গত ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰত বিগত এপ্ৰিল মাহৰ শেষৰফালে অহা এজাক ধুমুহাই ভাঙি তচ-নচ কৰি পেলাইছিল বহু লোকৰ ঘৰ-দুৱাৰ ৷ এই খবৰ ৰজাঘৰীয়াৰ দৃষ্টিগোচৰ হোৱাত অঞ্চলটোত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহন, বিধায়ক চক্ৰধৰ গগৈকে ধৰি বিজেপি দলৰ বহুকেইজন নেতা-কৰ্মী ৷ পৰিদৰ্শনৰ পিছত মুখ্যমন্ত্ৰী নেতৃত্বাধীন দলটোৱে শীঘ্ৰে চৰকাৰৰ তৰফৰ পৰা ক্ষতিগ্ৰস্তসকলৰ বাসগৃহ নিৰ্মাণ কৰি দিবলৈ ৰাইজক আশ্বাস দিছিল ৷ কিন্তু নেতাসকলৰ সেই আশ্বাস এতিয়া ক্ৰমাৎ ফুটুকাৰ ফেনত পৰিণত হৈছে ৷